অসম

assam

ETV Bharat / state

বৰপেটাৰোডত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ - Srimanta Sankardeva

বৰপেটাৰোড শাখা সত্ৰত আৰম্ভ হ'ল জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

বৰপেটাৰোডত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

By

Published : Oct 8, 2019, 6:08 AM IST

বৰপেটাৰোড,7 অক্টোবৰ : সোমবাৰে পুৱাৰে পৰা বৰপেটাৰোডৰ শাখা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ পুৱা ভাগৱত পাঠ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠান তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ কৰা হৈছে ৷ ভাগৱত পাঠৰ পাছতে অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু ইয়াৰ পাছতেই আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মন্টু ওজাৰ সভাপতিত্বত ধৰ্মালোচনী সভাত উন্মোচিত কৰা হয় স্মৃতিগ্ৰন্থ 'নিৰ্মালি' ৷

বৰপেটাৰোড শাখা সত্ৰত আৰম্ভ জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

ইফালে সন্ধিয়াৰ ভাগত নামতি দলে নাম পৰিবেশন কৰাৰ লগতে স্বস্তিক নৃত্য কেন্দ্ৰৰ শিল্পী সকলে শংকৰী কলা-কৃষ্টিৰ এক সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ আনহাতে জগতগুৰু গৰাকীৰ 571 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কাইলৈ পুৱা হ'বলগীয়া ভাগৱত শোভাযাত্ৰা ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ দাসে উদ্বোধন কৰিব বুলি বিষয়ববীয়াই সাংবাদিকক জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details