অসম

assam

By

Published : May 13, 2021, 8:48 PM IST

ETV Bharat / state

দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ উদ্যোগত চেনিটাইজেচন

দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ । বৃহস্পতিবাৰে কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়তৰ অধীনৰ বিভিন্ন ৰাজহুৱা স্থান, অনুষ্ঠান-প্ৰতিষ্ঠান চেনিটাইজেচন কৰা হয় ৷

sanitization_sarukhetri_panchayat_at_majdia
দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ উদ্যোগত চেনিটাইজেচন কাৰ্যসূচী

বৰপেটা,১৩ মে’: দেশ তথা ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে । সেই সময়তে দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজদিয়াকে ধৰি পঞ্চায়তখনৰ অধীনৰ বিভিন্ন ৰাজহুৱা স্থান, অনুষ্ঠান-প্ৰতিষ্ঠানত বৃহস্পতিবাৰে চেনিটাইজেচন কৰা হয় ।

সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ উদ্যোগত চেনিটাইজেচন

পঞ্চায়তখনৰ সভানেত্ৰী জেচমিনা চুলতানাৰ নেতৃত্বত আৰু সমাজকৰ্মী মুক্তাৰ আলীৰ সহযোগত এই চেনিটাইজেচন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাজদিয়া আৰক্ষী চকী, ইউনিয়ন বেংকৰ মাজদিয়া শাখা, মাজদিয়া হাইস্কুল, মাজদিয়া চ’ক বজাৰ আদিত এনেদৰে চেনিটাইজেচন কৰা হয় ।

দেশ তথা ৰাজ্যত চলি থকা মহামাৰী ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে সাৱধান আৰু সতৰ্ক হৈ চলিব লাগিব বুলি সমাজকৰ্মী মুক্তাৰ আলীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক:সমাগত বাৰিষাৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details