অসম

assam

ETV Bharat / state

কলগাছিয়াত স্থানীয় লোকক ভাবুকি বালি মাফিয়াৰ - কলগাছিয়া আৰক্ষী

কলগাছিয়াত অব্যাহত আছে বালিৰ অবৈধ খনন কাৰ্য । কিন্তু কাৰ ছত্ৰছায়াত বালি মাফিয়াই অবাধে চলাইছে লুণ্ঠন ? অঞ্চলটোত দিনৰ পৰা নিশা পৰ্যন্ত জে ছি বিৰে চলে অবৈধ খনন । বালি খননত বাধা দিয়া লোকক ভাবুকি বালি মাফিয়াৰ ৷ আনহাতে চকুমুদা কুলিৰ ভাওত বন বিভাগ ।

Sand mafia threaten locals in Kalgasia
কলগাছিয়াত স্থানীয় লোকক ভাবুকি বালি মাফিয়াৰ

By

Published : Nov 8, 2021, 8:48 AM IST

বৰপেটা, 8 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াত আৰক্ষীয়ে দেওবাৰে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বালি খনন কৰা এখন জে ছি বি জব্দ কৰি থানালৈ লৈ যায় । উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত বন বিভাগৰ ছত্ৰছায়াত বালি মাফিয়াই অবাধ লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । কলগাছিয়াৰ পৰা আমগুৰি অভিমুখে চৰকাৰী পথটো কাটি ট্ৰেক্টৰ পাৰাপাৰ কৰি বালি মাফিয়াই অব্যাহত ৰাখিছে অবৈধ খনন । কিন্তু খনন কাৰ্যৰ বিৰুদ্ধে বন বিভাগে নীৰৱ ভূমিকা পালন কৰাত ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে ।

কলগাছিয়াত স্থানীয় লোকক ভাবুকি বালি মাফিয়াৰ

অঞ্চলটোত দিনে নিশাই বালি খননকাৰ্য অব্যাহত ৰখা বালি মাফিয়াক কোনোৱে বাধা দিলেও ভ্ৰুক্ষেপ নকৰে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । তদুপৰি ৰাইজে বালি খনন কাৰ্যত বাধা দিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বালি মাফিয়াই । বালি মাফিয়াই এনেদৰে বালি খনন কৰি থাকিলে আমগুৰি-কলগাছিয়াকে আদি কৰি বহুকেইখন গাঁও গৰাখহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈ পৰাৰ আশংকা ব্যক্ত কৰিছে গাঁওবাসীয়ে ৷

কলগাছিয়া আৰক্ষীয়ে আজি স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বালি খনন কৰা এখন জে ছি বি জব্দ কৰি থানালৈ লৈ যায় । অৱশ্যে চালান অবিহনেই বালি কঢ়িওৱা এখন ট্ৰেক্টৰ পলায়ন কৰিবলৈ সক্ষম হয় ৷ স্থানীয় লোকে অতি শীঘ্ৰে এই অবৈধ খনন কাৰ্য বন্ধ কৰি উক্ত অঞ্চলসমূহ গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ।

লগতে পঢ়ক :মাটিৰ বাবে লাগিল মাৰপিট; আহত ছুবেদ আলী-ইদ্ৰিছ আলীৰ পৰিয়ালৰ 12 জন

ABOUT THE AUTHOR

...view details