বৰপেটা, 2 মাৰ্চঃ ৰাজ্যত অব্যাহত বালিৰ অবৈধ বেহা ৷ বৰপেটাৰ জনিয়াত বালি মাফিয়াৰ সন্ত্ৰাস ৷ অভিযোগ অনুসৰি বন বিভাগৰ ছত্ৰছায়াতে চলিছে এই বালি মাফিয়াৰ অবাধ লুণ্ঠন ৷ চালান অবিহনেই বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ কলগাছিয়াৰ কৰাৰকুৰ, চৌধুৰী বজাৰ আৰু খাৰবাল্লীত বেঁকী নদীত চলিছে দিনে-ৰাতি অবৈধ বালি খনন কাৰ্য ৷ এই খনন কাৰ্যৰ বিৰুদ্ধে বৰপেটা ৰোড্, সৰভোগ আৰু বৰপেটা বন বিভাগে নীৰব ভূমিকা পালন কৰাত ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে ৷
জনিয়াত বালি মাফিয়াৰ দৌৰাত্মঃ নিৰৱ প্ৰশাসন
কলগাছিয়াৰ কৰাৰকুৰ, চৌধুৰী বজাৰ আৰু খাৰবাল্লীত বেঁকী নদীত চলিছে দিনে-ৰাতি অবৈধ বালি খনন কাৰ্য ৷ এই খনন কাৰ্যৰ বিৰুদ্ধে বৰপেটা ৰোড্, সৰভোগ আৰু বৰপেটা বন বিভাগে নীৰব ভূমিকা পালন কৰাত ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে ৷
জনিয়াত বালি মাফিয়াৰ সন্ত্ৰাস
আনহাতে খনন মাফিয়াক প্ৰমীলা ৰাণী ব্ৰহ্মৰ বৰপেটা জিলাৰ সৰভোগ বন বিভাগে সহায় কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ উল্লেখ্য যে, এই বালি খনন কাৰ্যত পশ্চিম বংগৰ ডাম্পাৰ ব্যৱহৃত হৈ আহিছে ৷ ইয়াৰে এখন ডাম্পাৰ জনিয়াৰ চৌধুৰী বজাৰৰ সমীপৰ খাৱৈত বাগৰি পৰি আছে যদিও বন বিভাগৰ ভ্ৰূক্ষেপ নাই ৷ এই অবৈধ খনন কাৰ্যই বেঁকী নদীৰ ওপৰত নৱ-নিৰ্মিত দলঙখনলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷