অসম

assam

ETV Bharat / state

অবৈধ বালি খননৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ - অবৈধভাৱে বালি খনন কাৰ্য চলি থকাৰ

বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰজাহীত অবৈধভাৱে বালি খনন কাৰ্য চলি থকাৰ মাজতে আৰক্ষী থানাত এজাহাৰ দাখিল খনন কাৰ্যৰ লগত জড়িত এজন ব্যক্তিৰ বিৰুদ্ধে । অতি শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

অবৈধ বালি খননৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ
অবৈধ বালি খননৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ

By

Published : Feb 13, 2021, 5:22 PM IST

জনীয়া, ১৩ ফেব্ৰুৱাৰী:বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বালিৰ অবৈধ খনন কাৰ্য । জিলাখনৰ কলগাছিয়াৰ কাউৰজাহীত অবৈধভাৱে বালি খনন কাৰ্য চলি থকাৰ মাজতে আৰক্ষী থানাত এজাহাৰ দিলে খনন কাৰ্যৰ লগত জড়িত এজন ব্যক্তিৰ বিৰুদ্ধে । উল্লেখ যে বেকী নৈৰ বুকুত দীৰ্ঘদিন ধৰি ফৰমান আলী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত অবৈধ খনন চলি থকাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নৈ খনৰ বুকুৰ পৰা বালি খনন কৰি লৈ যোৱাৰ ফলত এতিয়া চৰম নিৰাপত্তাহীনতাত ভূগিছে স্থানীয় লোকসকল । ৰাইজৰ মতে এই কাৰ্যৰ ফলত আগন্তুক দিনত ভাবুকি আহিব কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি, সুতিৰপাথাৰ, কলগাছিয়া আদি গাঁৱৰ বাবে ।

অবৈধ বালি খননৰ বিৰুদ্ধে কলগাছিয়াত প্ৰতিবাদ

ইফালে বিভিন্ন সময়ত এই বিষয়ে বন বিভাগৰ ওচৰত অভিযোগ উত্থাপন কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই বিভাগটোৱে । ৰাইজৰ অভিযোগ বন বিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু জিলা প্ৰশাসনক ফৰমান আলীয়ে মেনেজ কৰি সমগ্ৰ কাৰ্য চলাই গৈছে । সেয়ে অৱশেষত অতিষ্ঠ হৈ ৰাইজে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ফৰমান আলীৰ বিৰুদ্ধে । লগতে অতি শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

লগতে পঢ়ক:চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ABOUT THE AUTHOR

...view details