বৰপেটা, 3 জুনঃ অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পাঁচদিনীয়া কাৰ্যসূচীৰে পালন বহৰি সত্ৰত ৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে দেওবাৰে বহৰি সত্ৰত অনুষ্ঠিত হয় গোন্ধ মহোৎসৱ ৷ গোন্ধ মহোৎসৱ উপলক্ষে বহৰি সত্ৰত গুৰুজনাৰ ভক্ত আৰু অনুগামীসকলে হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৈষ্ণৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি নিবেদন কৰে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি প্ৰতিবছৰে জেঠ মাহৰ অমাৱস্যা তিথিত হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷
হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজলিল বহৰি সত্ৰ চৌহদ
অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে পাঁচদিনীয়া কাৰ্যসূচীৰে বহৰি সত্ৰত উদযাপন তিৰোভাৱ তিথি মহোৎসৱ ৷
মায়াময় পোহৰত উজ্বলিল বহৰি সত্ৰ চৌহদ
গোন্ধ সভা মহোৎসৱৰ দিনটোত ভক্তসকলে উপবাসে থাকি সত্ৰৰ কীৰ্তনঘৰত সূৰ্যাস্তৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ৷ ভক্ত সকলে জ্বলোৱা হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজ্বলি উঠে বহৰি সত্ৰ চৌহদ ৷ ভক্তসকলে সন্ধিয়াৰ ভাগত জ্বলোৱা বন্তি সমূহ উজাগৰে পৰ দি থাকি সূৰ্যোদয়ৰ মুহূৰ্তলৈকে জ্বলাই ৰাখে ৷ বহৰি সত্ৰৰ প্ৰতিষ্ঠাতা হৰিদেৱ গুৰুজনাৰ প্ৰতি সেৱা ভক্তি নিবেদনৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ আহি বহৰি সত্ৰত সমবেত হৈ এনেদৰে বন্তি প্ৰজ্বলন কৰে ৷