জনিয়া, 1 জানুৱাৰী : ২০১৪ চনৰ পৰা কলগাছিয়াৰ প্ৰগতিশীল সাহিত্য প্ৰকাশনে জানুৱাৰী মাহৰ প্ৰথম দিনটো সাহিত্য আলোচনা, গ্ৰন্থ উন্মোচন আৰু বিভিন্ন ধৰণৰ গঠনমূলক চিন্তা-চৰ্চাৰে উদযাপন কৰি আহিছে । এইবেলিও ২০২৩ চনৰ প্ৰথম জানুৱাৰীত কলগাছিয়াৰ নৱোদয় পুঁথিভড়াল প্ৰাংগণত ২০২২ বৰ্ষৰ বাবে বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দিলীপ বৰা আৰু বিশিষ্ট সাহিত্যিক তথা নতুন সাহিত্য পৰিষদৰ(Natun Sahitya Parishad) প্ৰাক্তন সভাপতি ড৹ অহিজুদ্দিন সেখলৈ সাহিত্য সাধনা বঁটা-২০২২ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক, সাহিত্যিক আব্দুল মান্নান আৰু গুৱাহাটীৰ বি বৰুৱা কলেজৰ(B Borooah College Guwahati) অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দীনেশ বৈশ্যলৈ সাহিত্য সাধনা বঁটা-২০২৩ প্ৰদান কৰা হয় (Sahitya Sadhna Award)।
ড৹ দীনেশ বৈশ্যই ভাষণত কয়, "কলগাছিয়াত বৌদ্ধিক উন্নয়ণ আৰম্ভ হৈছে, কলগাছিয়াত অসমৰ ৰাজধানী হওক, এই আশা কৰিছো"। লগতে বৃহত্তৰ কলগাছিয়াত শৈক্ষিক আৰু বৌদ্ধিক বিকাশ আৰম্ভ হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ড৹ দিলীপ বৰাই । লগতে আব্দুল মান্নান আৰু ড৹ অহিজুদ্দিন সেখে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । নৱবৰ্ষৰ প্ৰথম দিনটোত পশ্চিমীয়া অপ-সংস্কৃতি, ভোজ-ভাত উল্লাসৰ পৰিৱৰ্তে প্ৰত্যেক বছৰে গ্ৰন্থ উন্মোচন, কবি সন্মিলন, গছপুলি ৰোপন, বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি বৌদ্ধিকতাৰে উলহ-মালহেৰে পালন কৰা হয় ।
এইবেলিও পহিলা জানুৱাৰীৰ পুৱাৰ ভাগত প্ৰকাশনৰ পতাকা উত্তোলন কৰে মোঃ মোস্তাফিজুৰ ৰহমানে । দুপৰীয়া ১২ বজাত বিশিষ্ট সাহিত্যিক ডাঃ ৰেজাউল কৰিমৰ সঞ্চালনাৰে আৰু প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ সঞ্চালক চানমামুদ আহমেদৰ উদ্দেশ্য ব্যখ্যাৰে আৰম্ভ হয় সাহিত্য সাধনা বঁটা প্ৰদান বিশেষ অনুষ্ঠান । অনুষ্ঠানটোত উদ্বোধনী ভাষণ আগবঢ়ায় নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছাইনে । গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
তেখেতসকলৰ ভিতৰত বি কে মিলন এল পি স্কুলৰ প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষক এ বি ছিদ্দিক, ২১৬ নং কলগাছিয়া উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰৌছানাৰা বেগম, কলগাছিয়া পাব্লিক স্কুলৰ সঞ্চালক আব্দুল বাৰেক খান, বি টি হাইস্কুলৰ প্ৰধান শিক্ষক শ্বেৰ আলী, উত্তৰণ আত্ম সহায়ক গোটৰ সভানেত্ৰী মমতাজ খাতুন আমিন, বিশিষ্ট কবি তথা অধ্যাপক নুৰমহম্মদ আলী, বিশিষ্ট কবি কাজী সওকত আলী, বিশিষ্ট সাংবাদিক শ্বহিদুল ইছলাম, ডাঃ নেকিবুদ্দিন আহমেদ, বালাগাও হাইস্কুলৰ প্ৰধান শিক্ষক মজিবৰ ৰহমান, শিক্ষক তথা ছি আৰ ছি ছি ছফেৰ আলী আৰু সমাজ কল্যাণ বিভাগৰ মন্দিয়া শিক্ষাখণ্ডৰ মুখ্য সেৱিকা মিনা ভূঞাকে ধৰি বিশিষ্ট ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।