বৰপেটা, ২৬ জুলাই :‘‘বিশ্বগুৰু হ’বলৈ গৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কিন্তু ক’ভিড যোদ্ধাৰ প্ৰতি কোনো দৰদ নাই বিশ্বগুৰুগৰাকীৰ ৷ কেৱল আদানী-আম্বানীক ধনী কৰি গৈ থাকিলেই নহ’ব ৷ দেশৰ সাধাৰণ লোকলকৰ কথাও ভাবিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে’’ ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ সম্পাদক ভীম বাছফৰে ৷
ভীম বাছফৰে উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি বৰপেটা জিলাৰ পৌৰসভাসমূহত মাহেকত মাথো ৩ হাজাৰ টকা দৰমহা লৈ কাম কৰি আছে চাফাই কৰ্মচাৰীসকলে ৷ অৱশ্যে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰৰ বিভাগীৰ মন্ত্ৰী বিষয়াসকলে ৷ এই অভিযোগ চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নৰ সম্পাদকগৰাকীৰ (Safai karmchari union) ৷
সেয়ে চাফাই কৰ্মচাৰীসকলে ভুগি অহা বৈষম্য আৰু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে মঙলবাৰে উপস্থিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷ লগতে বৰপেটাত চাফাইকৰ্মী অনুসূচিত জাতি ষ্টুডেন্ট ইউনিয়নে জিলা উপায়ুক্তগৰাকীৰ লগতে পৌৰপতিগৰাকীক তেওঁলোকৰ সমস্যা সন্দৰ্ভত প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ৷