অসম

assam

ETV Bharat / state

মাটিৰ দালাল গ্ৰেপ্তাৰৰ নাটক কৰিছে চৰকাৰে : সদৌ অসম উন্নয়ন পৰিষদ - Barpeta Satra

অসম চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা দুর্নীতি আৰু দালালৰাজৰ বিৰুদ্ধে সৰৱ সদৌ অসম উন্নয়ন পৰিষদ ৷ মাটিৰ দালাল গ্ৰেপ্তাৰৰ নামত চৰকাৰে নাটক কৰাৰ অভিযোগ পৰিষদৰ ৷

Sado Assam unnayan parishad press meet at barpeta
জৈন, মিট্টাল, তালুকদাৰৰ নাম ল’বলৈকে ভয় কৰে চৰকাৰে : জয়ন্ত গগৈ

By

Published : Oct 28, 2021, 10:53 PM IST

বৰপেটা, ২৮ অক্টোবৰ : মাটিৰ দালাল গ্ৰেপ্তাৰৰ নাটক কৰিছে চৰকাৰে ৷ ডাঙৰ দালালবোৰৰ নাম ল’বলৈকে ভয় কৰে চৰকাৰে ৷ এই অভিযোগ সদৌ অসম উন্নয়ন পৰিষদৰ ৷ বৰপেটা প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৰে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত গগৈয়ে ৷

জয়ন্ত গগৈয়ে নেতৃত্বই মাটিৰ দালালৰ গ্ৰেপ্তাৰৰ নামত কেইটামান পুঠি খলিহনা ধৰি ৰাজ্য চৰকাৰে নাটক কৰিছে বুলি অভিযোগ কৰে ৷ পৰিষদে লগতে জৈন, মিট্টাল, তালুকদাৰ আদিৰ দৰে ডাঙৰ ডাঙৰ মাটিৰ দালাল আৰু চৰকাৰী বিভাগৰ দালালক গ্ৰেপ্তাৰ কৰাতো বাদেই নাম ল’বলৈকে চৰকাৰে ভয় কৰে বুলি কটাক্ষ কৰে ।

সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত গগৈ

গগৈ সংবাদমেলত বৰ্তমান অসম চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা দুর্নীতি আৰু দালালৰাজ অতি সোনকালে বন্ধ কৰিবলৈকো দাবী জনায় ৷ ইয়াৰ লগতে বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ সকলো সত্ৰ আৰু চৰকাৰী ভূমি বেদখল মুক্ত কৰা, অসমত চিৰকাললৈ অসমীয়া ভাষাৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় পৰিষদে ৷

লগতে পঢ়ক :মূল্যবৃদ্ধিক লৈ কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

...view details