পাঠশালা, 2 ডিচেম্বৰ : 2006 বৰ্ষত পোন প্ৰথমবাৰৰ বাবে অসমত ভুমুকি মাৰিছিল ৰাগবি খেলে(Rugby Game) ৷ শেহতীয়াকৈ বজালী, বাক্সা, বঙাইগাঁও আৰু নলবাৰী জিলাত এই খেলবিধৰ প্ৰচলন হোৱাৰ লগতে আৰম্ভ হৈছে অনুশীলন ৷ 18ৰ অনুৰ্ধৰ খেলুৱৈসকলৰ বাবে গঠন কৰা হৈছে ৰাগবি অসম দল ৷ বজালীত প্ৰশিক্ষক খনিন ৰয়ৰ তত্বাৱধানত এই খেলৰ সম্পূৰ্ণ বিনামূলীয়া অনুশীলন(Rugby game practice is underway in Bajali) চলি থকা বুলি জানিব পৰা গৈছে ৷
বজালীৰ খেলুৱৈৰ পৰা 6 গৰাকী যুৱতীয়ে স্থান লাভ কৰিছে অসম দলটোত ৷ বজালীৰ খেলুৱৈ জেছমিনা বেগমৰ নেতৃত্বত আগন্তুক 10 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ ওড়িশাৰ ভূৱনেশ্বৰত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’ব দলটোৱে ৷ যদিও খনিন ৰয়ৰ নেতৃত্বত এই খেলবিধে বজালীত প্ৰসাৰ লাভ কৰিছে, কিন্তু এই খেলবিধ খেলিবলৈ পৰ্যাপ্ত খেলৰ সামগ্ৰী আৰু উপযুক্ত খেলপথাৰৰৰ অভাৱ পৰিলক্ষিত হৈছে ৷