বৰপেটা,18 মে': সোমবাৰে বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত দিন-দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি ৷ ৰাজ্যত সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে বজাৰত কোনো মানুহ নথকাৰ সুযোগ লৈ বাইকত অহা দুজন অচিনাক্ত যুৱকে বাঘবৰৰ ডাকঘৰত প্ৰৱেশ কৰি লুটি নিয়ে 5 লক্ষাধিক টকা ৷
বৰপেটাত দিন ডকাইতি: ডাকঘৰৰ পৰা লুটিলে 5 লাখ টকা - চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা
সোমবাৰে দুপৰীয়া হেলমেট পৰিধান কৰি অহা দুই যুৱকে বাঘবৰৰ ডাকঘৰত প্ৰৱেশ কৰি লুটি নিয়ে 5 লক্ষাধিক টকা ৷ বজাৰত কোনো নথকাৰ সুযোগ লৈ বাইকত অহা দুই যুৱকে চোকা অস্ত্ৰ দেখুৱাই লুটি নিয়ে ধনখিনি ৷ ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
![বৰপেটাত দিন ডকাইতি: ডাকঘৰৰ পৰা লুটিলে 5 লাখ টকা robbery at post office in mandia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11799508-649-11799508-1621300869605.jpg)
বৰপেটাত দিন ডকাইতি: ডাকঘৰৰ পৰা লুটিলে 5 লাখ টকা
ডাকঘৰৰ পৰা লুটিলে 5 লাখ টকা
উল্লেখ্য যে,হেলমেট পৰিধান কৰি অহা দুই যুৱকে ডাকঘৰটোত প্ৰৱেশ কৰি চোকা অস্ত্ৰ দেখুৱাই ধনখিনি লুটি নিয়ে ৷ ডাকঘৰটোত কোনো ধৰণৰ নিৰাপত্তা অথবা চিচিটিভিৰ ব্যৱস্থা নথকাৰ বাবে যুৱক দুজনৰ কোনো পৰিচয় ৰাখিব নোৱাৰিলে ডাকঘৰ কৰ্তৃপক্ষই ৷ পোষ্ট মাষ্টাৰ জেহেৰুল ইছলামে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাচতহে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক:শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত