অসম

assam

ETV Bharat / state

বৰপেটাত দিন ডকাইতি

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে 1 লাখ 18 হাজাৰ টকা ৷ পালচাৰ মটৰ চাইকেলত আহিছিল দুই দুৰ্বৃত্ত

By

Published : Aug 6, 2019, 9:50 PM IST

বৰপেটাত দিন ডকাইতি

বৰপেটা, 6 আগষ্টঃ বৰপেটা চহৰত পুনৰ ধন লুটৰ ঘটনা ৷ বৰপেটা মুছলিমপট্টিৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে 1 লাখ 18 হাজাৰ টকা ৷ বাঘবৰৰ ধামাপাৰা চৰৰ ৰফিকুল ইছলামৰ পৰা দুই দৃৰ্বৃত্তই কাঢ়ি নিয়ে টকাখিনি ৷ এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ীজনৰ টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ব্যৱসায়ীজনে মৰাপাট ক্ৰয় কৰাৰ বাবে ষ্টেট বেংকৰ পৰা উলিয়াইছিল 3 লাখ 24 হাজাৰ টকা ৷ বাকী টকাখিনি পকেটত লোৱাৰ বিপৰীতে,এশ টকীয়া বাণ্ডিলৰ 1 লাখ 18 হাজাৰ টকা এটা মোনাত ভৰাই আনিছিল ব্যৱসায়ীজনে ৷ পিছে ব্যৱসায়ীজনে মুছলিমপট্টিৰ এখন দোকানত সোমোৱাৰ লগে লগে তীব্ৰ বেগত পালচাৰ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই টকাৰ মোনাটো কাঢ়ি লৈ পলায়ন কৰে ৷ ঘটনাটোক লৈ বৰপেটা চহৰত সৃষ্টি হৈছে চাঞ্চল্য ৷ উল্লেখ্য,বৰপেটা চহৰত ধন কাঢ়ি নিয়াতো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ উদাসীনতাক সমালোচনা কৰিছে স্থানীয় লোকে ৷

বৰপেটাত দিন ডকাইতি

ABOUT THE AUTHOR

...view details