সৰভোগত দুৰ্বৃত্তই কাঢ়ি নিলে পাচ লক্ষাধিক টকা - সৰভোগত দুৰ্বৃত্তই কাঢ়ি নিলে পাচ লক্ষাধিক টকা
পৰৱৰ্তী সময়ত সৰভোগত এজন লোকক টকাখিনি দিবলৈ ওৱাহাব আলীয়ে খোজকাঢ়ি গৈ থকা সময়তে পাছৰ পৰা ক'লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই টকাৰ মোনাটো লৈ তীব্ৰবেগত পলায়ন কৰে ৷

বৰপেটা, 13 জানুৱাৰী : সোমবাৰে সৰভোগত এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ মোনা ৷ ওৱাহাব আলী নামৰ লোকজনে বৰপেটাৰোডৰ শিমলাগুৰীৰ বেংক অৱ ইণ্ডিয়াৰ শাখাৰ পৰা প্ৰায় ৫ লাখ ৩০ হাজাৰ টকা উলিয়াই নিয়ে ৷ পৰৱৰ্তী সময়ত সৰভোগত এজন লোকক টকাখিনী দিবলৈ ওৱাহাব আলীয়ে খোজকাঢ়ি গৈ থকা সময়তে পাছৰ পৰা ক'লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই টকাৰ মোনাটো লৈ তীব্ৰবেগত পলায়ন কৰে ৷ সৰভোগ চেন্ট্ৰেল বেংকৰ সন্মুখত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷
TAGGED:
Sarbhoga money snatching