অসম

assam

By

Published : Oct 15, 2022, 4:40 PM IST

ETV Bharat / state

Beware of strangers: অচিনাকী ব্যক্তিৰ পৰা ক’ল্ডড্ৰিংক্স খাই হেৰুৱালে সৰ্বস্ব

অচিনাকী ব্যক্তিৰ কথাত পতিয়ন গ’লে আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে সৰ্বস্ব (Be careful before feeding food from strangers) ৷ খাদ্য সামগ্ৰী খুৱাই লুটি নিব পাৰে আপোনৰ গাঁঠিৰ ধন ৷ শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত ৷ ক’ল্ডড্ৰিংক্স খুৱাই লুটি নিলে ই ৰিক্সাসহ মোবাইল আৰু নগদ ধন ৷

Robbed cash and rickshaw by feeding cold dring in Jania
অচিনাকী ব্যক্তিৰ পৰা ক’ল্ডড্ৰিংক্স খাই হেৰুৱালে সৰ্বস্ব

জনীয়া, 15 অক্টোবৰ: সাৱধান ! অচিনাকী ব্যক্তিৰ পৰা আপুনি পানী, ঠাণ্ডা পানী অথবা যিকোনো খাদ্য বস্তু খাই নেকি ? তেন্তে সাৱধান হওক আপুনি (Be careful before feeding food from strangers)৷ কিয়নো অচিনাকী ব্যক্তিৰ কথাত পতিয়ন গ’লে আপুনি হেৰুৱাৱ লাগিব পাৰে সৰ্বস্ব ৷ খাদ্য সামগ্ৰী খুৱাই লুটি নিব পাৰে আপোনৰ গাঁঠিৰ ধন ৷ শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত ৷

অচিনাকী ব্যক্তিৰ পৰা ক’ল্ডড্ৰিংক্স খাই হেৰুৱালে সৰ্বস্ব

ঘটনাৰ বিৱৰণী অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানৰ অন্তৰ্গত সত্ৰ মইনবৰী গাঁৱত বসবাস কৰা এজন ই ৰিক্সা চালক ৷ নাম ৰবিয়াল বাদশা ৷ 4 মাহ পূৰ্বে ৰবিয়াল বাদশাই ফাইনেঞ্চৰ জৰিয়তে লৈছিল এখন ই ৰিক্সা ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক সহায় কৰিবলৈ ৰবিয়ালে ই ৰিক্সা চলাই কোনো মতে পৰিয়ালটোক সকাহ দি আহিছিল ৷ সেইখিনিলৈকে সকলো ঠিকে আছিল ৷ কিন্তু শুকুৰবাৰে হঠাৎ ৰবিয়ালৰ জীৱনলৈ নামি আহিল অমানিশা ৷

প্ৰতি দিনাৰ দৰেই শুকুৰবাৰেও ই ৰিক্সা লৈ ঘৰৰ পৰা ওলাই গৈছিল ৰবিয়াল ৷ পুৱাৰ পৰা এজন দুজন যাত্ৰীও কঢ়িয়াইছিল ৰবিয়ালে ৷ এটা সময়ত যাত্ৰী লৈ মইনবৰীৰ পৰা বামুনটাৰীলৈ গৈছিল ৰবিয়াল ৷ তেনে সময়তে দুজন যাত্ৰীয়ে বামুনটাৰীৰ পৰা ই-ৰিক্সাখন ভাৰাত লৈ চকচকাৰ এটা ভিতৰুৱা ঠাইলৈ যোৱাৰ কথা ক’লে ৰবিয়ালক । দুপইছা পোৱাৰ আশাত ৰবিয়ালো মান্তি হ’ল ভাৰাৰ বাবে ৷ ইফালে লাহে লাহে সন্ধিয়াও হৈ আহিছিল ৷

পিছত দুই দুৰ্বৃত্তই সন্ধিয়াৰ সুযোগ লৈ ৰবিয়ালক ক’ল্ডড্ৰিংক্সৰ লগত খুৱাই দিয়ে নিচাজাতীয় দ্ৰব্য (Robbers Mixed Intoxicants in Cold Drink)৷ লগে লগে অচেতন হৈ পৰে ৰবিয়াল ৷ এনেকৈয়ে অচেতন অৱস্থাত আজি অৰ্থাৎ শনিবাৰে পুৱালৈকে পৰি থাকে ৰবিয়াল ৷ ইফালে দুই দুৰ্বৃত্তই ৰবিয়ালক অচেতন কৰি লুটি নিয়ে ই-ৰিক্সা, মোবাইল আৰু ৰবিয়ালৰ লগত থকা কিছু টকাও (Robbed cash and rickshaw by feeding cold drink) । পিছত আজি কলগাছিয়াৰ বামুনটাৰীত উপস্থিত হয় ৰবিয়াল আৰু সমস্ত ঘটনা বিৱৰি কয় পৰিয়ালবৰ্গক ৷ ইয়াৰ পিছতেই পৰিয়াবৰ্গৰ মাজত লাগে হাহাকাৰ ৷

উল্লেখ্য যে, শেহতীয়া বানৰ কৱলত পৰি বহুলোকে হেৰুৱাইছে নিজৰ ঘৰ-বাৰী ৷ তেনে এটা পৰিয়াল হৈছে ৰবিয়ালৰ পৰিয়াল৷ বান তথা খহনীয়াত সৰ্বস্ব হেৰুৱাই ৰবিয়াল বাদশাৰ পৰিয়াল বেলেগৰ ঘৰত আশ্ৰয় লৈ দিন হাজিৰা কৰি কিছু টকা সংগ্ৰহ কৰি ফাইনেন্সত ই-ৰিক্সাখন ক্ৰয় কৰিছিল । কিন্তু সেয়াও এতিয়া লুটি নিলে দুৰ্বৃত্তই । যাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে থানাত এজাহাৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

ABOUT THE AUTHOR

...view details