অসম

assam

ETV Bharat / state

হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা জিলা পৰিবহন বিভাগৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মহিলা MVIৰ দৌৰাত্মৰ অভিযোগ ।

By

Published : Jun 18, 2019, 10:01 AM IST

হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা, ১৮ জুন :বৰপেটা জিলাৰ হাউলীৰ ইটাৰভিঠাত ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত অকস্মাতে ৰৈ যোৱা ট্ৰেইলাৰ এখনত পিচফালৰ পৰা দ্ৰুতবেগী ট্ৰাক এখনে খুন্দা মাৰে । দুৰ্ঘটনাটোৰ ফলত ট্ৰাক চালকজনৰ মৃত্যু হয় ।

হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

জানিব পৰা মতে UP-45-T-8975 নম্বৰৰ ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰচণ্ড জোৰত ট্ৰাক খনে ট্ৰেইলাৰ খনত খুন্দা মৰাৰ ফলত ট্ৰাকখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হৈ যায় ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ট্ৰাক চালক জনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আদবাটতে ট্ৰাকচালকজনৰ মৃত্যু হয় । এই পৰ্যন্ত ট্ৰাক চালক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই । ইপিনে ৰাইজৰ অভিযোগ অনুসৰি MVI ৰ দলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতেট্ৰেইলাৰখন ৰখাই দিয়াৰ ফলত ট্ৰাক খনেট্ৰেইলাৰখনত খুন্দা মাৰে । একাংশ ট্ৰাক চালক আৰু ৰাইজৰ অভিযোগ অনুসৰি, বৰপেটা পৰিবহন বিভাগৰ MVI দলে প্ৰতি নিশা যধে-মধে ট্ৰাক ৰখাই ধন সংগ্ৰহ কৰে । এগৰাকী মহিলা MVI বিষয়াৰ নেতৃত্বত নিশা প্ৰতিখন ট্ৰাকৰ পৰা ৩ৰ পৰা ৫ হাজাৰ টকা সংগ্ৰহ কৰা হয় । আনহাতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । উত্তেজিত ৰাইজৰ ৰূপ প্ৰত্যক্ষ কৰি MVIৰ দলটোৱে লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । দুৰ্ঘটনাটোত জড়িত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰখাই থোৱাট্ৰেইলাৰখনেও লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সেয়ে স্থানীয় ৰাইজ আৰু ট্ৰাক চালক সকলে বৰপেটা জিলা পৰিবহন বিভাগৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details