জনীয়া, 24 এপ্ৰিল : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বলাইপথাৰৰ পৰা বিলৰটাৰী গাঁও অভিমুখে যোৱা দলঙৰ এপ্ৰচৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সম্পূৰ্ণ বালি মাটিৰে এপ্ৰচৰ কাম চলাই থকাৰ অভিযোগ উত্থাপন হৈছে এম ডি নামৰ এটা কোম্পানীৰ বিৰুদ্ধে ৷ জিঅ’ বেগৰ এপ্ৰচৰ কাম লাভ কৰা ঠিকাদাৰজনে নিজে এই কাম নকৰি আনলৈ হস্তান্তৰ কৰাৰো অভিযোগ উত্থপন হৈছে ৷
কলগাছিয়াত দলঙৰ এপ্ৰচৰ কামত দুৰ্নীতিৰ অভিযোগ - kalgachia
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বলাইপথাৰৰ পৰা বিলৰটাৰী গাঁও অভিমুখে যোৱা দলঙৰ এপ্ৰচৰ কামত ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । এম ডি নামৰ এটা কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷
কলগাছিয়াত দলঙৰ এপ্ৰচৰ কামত দুৰ্নীতিৰ অভিযোগ
ইফালে জিঅ’ বেগৰ সলনি দুৰ্নীতি সংঘটিত কৰি দলঙৰ সমীপৰ পৰা মেচিনেৰে বালি মাটি খান্দি নিম্ন মানৰ কামেৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বাৰিষা আহিলেই এই পথছোৱা খহি যোৱাৰো আশংকা ব্যক্ত কৰিছে ৰাইজে ৷
লগতে পঢ়ক: ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি