বৰপেটা, ২৫ নৱেম্বৰ: "ৰাস্তাৰ কামটো ডুপ্লিকেটেই, এইবোৰতো দুই নম্বৰীয়েই ৷ ৰাস্তাৰ ধনেৰে ঠিকাদাৰকেইটাই ঘৰৰ তিৰোতা আৰু ল’ৰা ছোৱালীক কাপোৰ কানি দিয়াতহে ব্যস্ত, ৰাস্তাটো আমাৰ অকলে নহয়, ৰাস্তাটো ৰাইজৰ, ৰাস্তাটো ঠিক হ’লেহে ৰাইজৰ সা-সুবিধা হ’ব ৷ এইবোৰ কথা সিহঁতে বুজি নাপায় ৷ সিহঁতে লাখ লাখ টকাৰ ঠিকা লৈ ধনবোৰ নিজৰ মোনাত ভৰাইছে ৷" ঠিকাদাৰক তুলাধূনা সাধাৰণ ৰাইজৰ (Road construction scam) ৷
যিসময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাম-কাজত স্বচ্ছতা অনাৰ প্ৰয়াস চলাইছে তেনে সময়তে লোকনিৰ্মাণ বিভাগৰ বৰপেটা সংমণ্ডলত চলিছে একাংশ বিষয়া ঠিকাদাৰৰ বুজাবুজিৰ খেল (Road construction scam in Barpeta) ৷
জানিব পৰামতে বৃহস্পতিবাৰে বিয়লি পথটো নিৰ্মাণ কৰিছিল ঠিকাদাৰে ৷ পিচে নিম্নমানেৰে কৰা কামৰ বাবেই নিৰ্মাণৰ পিচতে এইদৰে চপৰা চপৰে এৰি গৈছে পিটচ্ সমুহ । স্থানীয় লোকে জনোৱা মতে ১ কোটি ৮০ লাখ টকা ব্যয়েৰে ৰামপ্ৰসাদ পথৰ ওপৰত থকা পথ নিৰ্মাণৰ কামৰ দায়িত্ব পাইছিল বীৰেন্দ্ৰ প্ৰসাদ নামৰ ঠিকাদাৰগৰাকীয়ে ৷