জনীয়া,১০ জুন :বহু সময়ত অসমত এমজিএনৰেগা(MGNREGA) আঁচনিৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উঠা দেখা যায় । এইবাৰ অভিযোগ আহিছে বৰপেটা জিলাৰ পৰা । জিলাখনৰ জনীয়া সমষ্টিৰ ৬২ নং বলাইপাথাৰ গাঁও পঞ্চায়তৰ খাৰবাল্লীত এমজিএনৰেগা(MGNREGA) আঁচনিৰ ৰাস্তাৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।
৯ লাখ ৮৭ হাজাৰ ৭৩২ টকা ব্যয় সাপেক্ষে খাৰবাল্লীত প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল যদিও সম্পূৰ্ণ নিয়ম উলংঘা কৰি বালি-মাটিৰে সামান্য পৰিমাণৰ কাম কৰাৰ ফলত এতিয়া জহিখহি গৈছে । ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ সভানেত্ৰী শ্বাহিদা খাতুনে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ফলত বানপানী অহাৰ পূৰ্বেই ৰাস্তাটো ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত চৰম যান্ত্ৰণা ভোগ কৰিব লগা হৈছে ৰাইজে ।