জনিয়া, 25 ছেপ্টেম্বৰ :কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেৱকুৰা গাঁৱত শনিবাৰে বিয়লি এক ভয়াবহ পথ দুৰ্ঘটনা সংগঠিত হয় । উল্লেখযোগ্য যে, কলগাছিয়াৰ পৰা বৰপেটা ৰ’ড অভিমুখী মালবাহী ট্ৰাক এখনে তীব্ৰবেগে ই-ৰিক্সা সহ খৰিচালাৰ পৰা AS 19 D 2150 লাংলা অভিমুখে গৈ থকা নম্বৰৰ হিৰ’ গ্লেমাৰ বাইক এখনত খুন্দা মাৰে ।
ফলত বাইক আৰোহী দুজন ক্ৰমে হালধীয়া গাঁৱৰ ৰকিবুল ইছলাম (১৬), লাংলা গাঁৱৰ আশ্ৰাফুল ইছলাম (১৭)ৰ লগতে ই-ৰিক্সাত থকা খাটাকুচি গাঁওৰ ফজিলা খাতুন (৪০) আৰু মফিদা খাতুন (৩৬) গুৰুতৰভাৱে আহত হয় ।