বৰপেটা,24নৱেম্বৰঃমঙলবাৰে বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় নলবাৰী জিলাৰ পানাতকুছিৰ ছাহজাহান খান(20) নামৰ এগৰাকী স্কুটী আৰোহী ৷ জানিব পৰা মতে,ছাহজাহান খানে স্কুটীৰে পদ্মপাৰাৰ বজাৰলৈ আহি থকা অৱস্থাত গুৱাহাটী দিশৰ পৰা বৰপেটা অভিমুখে গৈ থকা AS-01DW-0363 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ডাম্পাৰখনে স্কুটী সহ মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যুক সাৱটি ল'ব লগা হয় ছাহজাহানে ৷
বৰপেটাৰ কুকাৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা - পৰিস্থিতি নিয়ন্ত্ৰণ
বৰপেটাৰ কুকাৰপাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত ছাহজাহান খান(20) নামৰ এগৰাকী স্কুটী আৰোহী ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালকে ৷
বৰপেটাৰ কুকাৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালকে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ সহযোগত স্কুটী আৰোহী ছাহজাহানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃতৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা