বৰপেটা,13 মে’: বৰপেটাৰ হাউলীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ধাবাৰ সমীপত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু এল্ট’ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজন লোক ৷
ঘটনা অনুসৰি, AS-15-P-0340 নম্বৰৰ এল্ট’ বাহনখনে কালঝাৰৰ দিশৰ পৰা হাউলী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-01-NC-1933 নম্বৰৰ ট্ৰাকখনে বাহনখনত খুন্দিয়ায় ।