অসম

assam

ETV Bharat / state

কলগাছিয়াত পথ দুৰ্ঘটনাঃ আহত তিনি

জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপথাৰত ভয়াবহ পথ দুৰ্ঘটনা । বেছিমাৰি গাঁৱৰ কাঠৰ বেপাৰী আদম আলিৰ ব'লেৰো পিকআপৰে লালভানু নামৰ এগৰাকী বৃদ্ধ মহিলাক খুন্দিয়াই ৷ যাৰ বাবে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বৃদ্ধা গৰাকী । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গাড়ী লৈ পলায়ন কৰে চালকজন

By

Published : Jun 9, 2019, 7:32 PM IST

কলগাছিয়াত পথ দুৰ্ঘটনাঃ আহত তিনি

জনীয়া, 9 জুনঃ কলগাছিয়াত ভয়াৱহ পথ দুৰ্ঘটনা । এখন গাড়ীৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন ব্যক্তি ৷ আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ।তথ্য অনুসৰি, বেছিমাৰি গাঁৱৰ কাঠৰ বেপাৰী আদম আলিৰ ব'লেৰো পিকাপৰে লালভানু নামৰ এগৰাকী বৃদ্ধ মহিলাক খুন্দিয়াই ৷ যাৰ বাবে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় বৃদ্ধাগৰাকী । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা গাড়ীসহ পলায়ন কৰে চালকজন । লগে লগে স্থানীয় ৰাইজে মহিলাগৰাকীক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আনহাতে, কলগাছিয়াত পুনৰ ব'লেৰোখনে বালিকুৰী গাঁৱৰ মইন খান আৰু পুত্ৰ ৰুবুল খানক বাইকেৰে গৈ থকা অৱস্থাত খুন্দা মাৰে আৰু তাৰ পৰাও পলায়ন কৰে গাড়ী চালকজন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীৰ পৰিয়ালে ৷

কলগাছিয়াত পথ দুৰ্ঘটনাঃ আহত তিনি

ABOUT THE AUTHOR

...view details