অসম

assam

By

Published : May 1, 2019, 7:14 PM IST

ETV Bharat / state

বৰপেটা ভৱানীপুৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

হাউলীৰ পৰা পাঠশালা অভিমুখে গৈ থকা অৱস্থাত ধুমাৰকুৰত 24 চকীয়া এখন ট্ৰাকে AS-15E-6555 নম্বৰৰ বাইক খনক পাচফালৰ পৰা খুন্দিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো

ভৱানীপুৰৰ ধুমাৰকুৰত শোকাৱহ পথ দুৰ্ঘটনা

বৰপেটা, ১ মেঃ বৰপেটা ভবানীপুৰত আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় বাইক আৰোহী আমিৰ আলী ৷ লগতে গুৰুতৰভাৱে আহত হয় মহিলাসহ এটি শিশু। বুধবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। হাউলীৰ পৰা পাঠশালা অভিমুখে গৈ থকা অৱস্থাত ধুমাৰকুৰত 24 চকীয়া এখন ট্ৰাকে AS-15E-6555 নম্বৰৰ বাইক খনক পাচফালৰ পৰা খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো। ফলত বাইক চালক আমিৰ আলী থিতাতে নিহত হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় বাইকত অহা মহিলাসহ এটি শিশু । নিহত আমিৰ আলী হাউলীৰ মৈৰামাৰা গাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

ভৱানীপুৰৰ ধুমাৰকুৰত শোকাৱহ পথ দুৰ্ঘটনা

আনহাতে, কেএমচি নামৰ এটা কোম্পানীয়ে অতি লেহেমীয়া গতিত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ কৰাৰ বাবে এনেধৰণ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷

ABOUT THE AUTHOR

...view details