অসম

assam

ETV Bharat / state

নিশা পাঠশালাত অঘটন, দাউ দাউকৈ জ্বলিল এখন ট্ৰাক - পথ দুৰ্ঘটনা

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ  অগ্নি নিৰ্বাপন  কৰিবলৈ সক্ষম হয়।

নিশা পাঠশালাত অঘটন, দাউ দাউকৈ জলিল এখন ট্ৰাক

By

Published : Nov 12, 2019, 10:09 AM IST

পাঠশালা, ১২নৱেম্বৰঃ পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। হোণ্ডাই চাৰ্ভিছ চেন্টাৰৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই দাউ দাউকৈ জ্বলি উঠে ট্ৰাকখন ৷

নিশা পাঠশালাত অঘটন, দাউ দাউকৈ জলিল এখন ট্ৰাক

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাত পাঠশালাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংঙত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে ট্ৰাক খনে ৷ খুন্দা মৰাৰ পিছতেই ট্ৰাকখন পথৰ দাতিত বাগৰি পৰে ৷ তাৰ পিছতে নিমিষতে দাউ দাউ কৈ জ্বলি উঠে ট্ৰাকখন। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ UP15 AT 5602 ৷ নিশা ১বাজি ৩৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ নিশা অভিনেতা ৰাজকুমাৰে বঙাইগাঁৱৰ পৰা থিয়েটাৰ শেষ কৰি ঘৰলৈ ওভতি আহি থকা সময়তে এই ভয়াৱহ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে ৷ লগে লগে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ABOUT THE AUTHOR

...view details