জনীয়া, 30 এপ্ৰিল : এফালে কভিড-19 ৰ সন্ত্ৰাস আৰু আনফালে নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে অৰ্ধ-শতাধিক পৰিয়ালৰ ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপাথাৰ আৰু চৰ খাৰবাল্লী গাঁৱত বেঁকী নদীৰ খহনীয়াই এসপ্তাহৰ ভিতৰতে খহাই লৈ গ'ল কুৰিটাতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি ৷ উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হৈ যোৱ প্ৰৱল ধুমুহাই ঘৰ-দুৱাৰ তচনচ কৰাৰ পিছত পুনৰবাৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈছে বহু পৰিয়াল ৷ লক-ডাউনৰ বাবে দৰিদ্ৰ লোকৰ মাজত এফালে খাদ্য সংকট আৰু আনফালে গৰাখহনীয়াই অঞ্চলটোৰ সুতিৰপাথাৰ, খাৰবাল্লী, ডাউকমাৰী আদি গাঁৱত চলাইছে তাণ্ডৱ । যাৰবাবে বৰ্তমান উপায়বিহীন হৈ গছৰ তলতেই দিন কটাবলগীয়া হৈছে বহু পৰিয়ালে ৷
কৰ'ণা সন্ত্ৰাসৰ মাজতেই বেকী নদীত উটি গ'ল বহু পৰিয়ালৰ ভেটিঃ খবৰ নাই প্ৰশাসন-জন প্ৰতিনিধিৰ - সুতিৰপাথাৰ আৰু চৰ খাৰবাল্লী গাঁৱত বেঁকী নদীৰ খহনীয়া
কলগাছিয়াৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বেঁকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ প্ৰায় কুৰিটাতকৈ অধিক পৰিয়ালৰ ভেটি-মাটি উচন হোৱাৰ পিছত বৰ্তমান ৰাজপথেই আশ্ৰয়স্থলী হৈ পৰিছে ৷ বৰ্তমানলৈ খবৰ লৱলৈ আহৰি নহ'ল জন-প্ৰতিনিধিৰ ৷
নদীত জাহ গৈছে বহু পৰিয়ালৰ ভেটি
আনহাতে প্ৰতিবছৰে বেঁকী নদীৰ খহনীয়াই অঞ্চলবাসীক জুৰুলা কৰি অহাৰ পিছতো বিভাগীয় কতৃপক্ষই খহনীয়া ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ আনকি বিগত এটা সপ্তাহে বহুবোৰ পৰিয়ালে ঘৰ-মাটি হেৰুৱাই পথৰ দাতিত আশ্ৰয় লোৱাৰ পিছতো কোনো জন-প্ৰতিনিধিয়ে খবৰ নোলোৱাত চৰকাৰ তথা প্ৰতিনিধিৰ ওপৰত ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে ৷
লগতে পঢ়ক : কপিলী নৈত সন্ধানহীন এজন