জনীয়া,১০ ছেপ্টেম্বৰ :বৰপেটাত বেকী নৈৰ খহনীয়া অব্যাহত আছে । এইবাৰ পুনৰ কালৰূপ লৈছে বেকী নৈয়ে । বিগত এসপ্তাহত প্ৰায় ১০০ টা পৰিয়াল গৰাখহনীয়াৰ কৱলত পৰিছে (Erosion problem in Kalgachia)। যাৰ বাবে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে পৰিয়ালকেইটা । খহনীয়া প্ৰতিৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে বছৰ বছৰ ধৰি বৰপেটা জিলাৰ জনীয়া, কলগাছিয়াকে ধৰি বিভিন্ন অঞ্চলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে (Massive erosion at Barpeta)। ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ বুকুত এতিয়ালৈ শ শ গাঁও বিলীন হৈ গৈছে । বাৰিষা বুলিয়ে নহয় বছৰৰ প্ৰায়বোৰ সময়তে খহনীয়া অব্যাহত থাকে । এতিয়াও বহু গাঁও খহনীয়াৰ কৱলত পৰিছে ।
শেহতীয়াকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেকী নৈয়ে ভয়ংকৰ ৰূপ লৈছে । যোৱা এসপ্তাহত খহনীয়াৰ কৱলত পৰি প্ৰায় ১০০ টা পৰিয়ালে নিজৰ ঘৰ-মাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে । ইফালে অঞ্চলটোৰ বহু চৰকাৰী আঁচনি, বিদ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠানো নৈৰ বুকুত জাহ গৈছে । অঞ্চলটোৰ PMAY গৃহৰ লগতে অনাময় আঁচনি, বহু বিঘা খেতি পথাৰ নৈত জাহ গৈছে ।