জনীয়া, 26 এপ্ৰিল: কলগাছিয়াৰ খাৰবাল্লীত এমজিএনৰেগা আঁচনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিতৰ অভিযোগ ৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৬২ নং বলাইপথাৰ গাঁও পঞ্চায়তৰ খাৰবাল্লীত এমজিএনৰেগা আঁচনিৰ ২০২০-২১ বৰ্ষৰ অধীনত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ৰিং বান্ধ নিৰ্মাণৰ অনুমোদন দিয়ে ৷ এই নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰে ৯,০৪,৩৩২ টকা আৱণ্টন দিয়ে যদিও এই বান্ধ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু একাংশ মধ্যভোগীৰ বিৰুদ্ধে সৰহভাগ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমাণৰ কাম কৰি নিয়ম উলংঘা কৰাৰ লগতে ৬২ নং বলাইপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী শাহিদা খাতুন আৰু পঞ্চায়ত সদস্য বাহাৰুল ইছলামৰ বিৰুদ্ধে ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজে জনোৱা মতে, জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে কাম কৰি ধন আত্মসাত কৰে পঞ্চায়তৰ সভানেত্ৰীকে ধৰি সদস্যসকলে ।