অসম

assam

ETV Bharat / state

চৰকাৰক বুঢ়া আঙুলি পঞ্চায়ত সদস্যৰ ! - খাদ্য সুৰক্ষা আইন

জনিয়াৰ অন্তৰ্গত শওঁপুৰ গাওঁ পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ সদস্য আৰু সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰৰ নীতি উলংঘা কৰি ব্যৱসায়ীসকলে নামি পৰিছে সাহায্যৰ ধন আত্মসাৎ কৰাত ৷

Rice scam at jania barpeta assam etv bharat news
চাউল বিতৰণত খেলিমেলিৰ অভিযোগ

By

Published : May 11, 2020, 11:04 AM IST

জনিয়া,11 মে’ :চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা লোকক বিনামূলীয়াকৈ পাঁচ কেজি চাউল যোগান ধৰি আহিছে । কাৰ্ড নথকা লোকৰ ক্ষেত্ৰত প্ৰতিখন গাওঁ পঞ্চায়তৰ সভাপতিৰ জৰিয়তে 1000 টকাকৈ এককালীন নগদ ধন প্ৰদান কৰিছে চৰকাৰে ৷ কিন্তু এই ব্যৱস্থাৰ পৰা বাদ পৰা প্ৰতিগৰাকী লোকক চৰকাৰে পাঁচ কেজি চাউল যোগান ধৰে ৷

হিতাধিকাৰীৰ তালিকা

এই আৱণ্টিত সাহায্য আত্মসাৎ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷ কিন্তু চৰকাৰৰ পদক্ষেপক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই একাংশ পঞ্চায়তৰ সদস্য আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে ।

চাউল বিতৰণত খেলিমেলিৰ অভিযোগ

ঘটনাৰ বিৱৰণী অনুসৰি,বৰপেটাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰ গাওঁ পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ সদস্য আৰু সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে চাউল আত্মসাৎ কৰা ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকৰ মাজত উদগীৰণ হৈছে ক্ষোভৰ জুই । বিষয় প্ৰসংগত বৰপেটা জিলা প্ৰশাসনক তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহায্যৰ পৰা বঞ্চিত লোকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে চাওকঃৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বৰপেটা ৰত্ন গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া !

ABOUT THE AUTHOR

...view details