অসম

assam

ETV Bharat / state

দৰঙত ৭৪ টা গড়ৰ খৰ্গ পুনৰীক্ষণ কাৰ্য সম্পন্ন

মঙলদৈত জিলা উপায়ুক্তৰ সভাগৃহত কটকটীয়া নিৰপত্তাৰ মাজত অনুস্থিত হৈছে এই পৰীক্ষণ । বনবিভাগ, আৰক্ষী, গড়ৰ খৰ্গৰ বিশেষজ্ঞ, স্বানীয় এনজিঅ’ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতিত ৭৪ টা গড়ৰ খৰ্গ পৰিক্ষণ অনুস্থিত কৰা হয় ।

rhino-horn-inspection-underway-in-darrang
দৰঙত ৭৪ টা গড়ৰ খৰ্গ পুনৰিক্ষন কাৰ্য সম্পন্ন

By

Published : Aug 21, 2021, 11:02 PM IST

দৰং, 21 আগষ্ট: সমগ্ৰ ৰাজ্যত বন বিভাগৰ তৎপৰতাত আৰম্ভ হোৱা গড়ৰ খৰ্গ পুনৰিক্ষণৰ অংশ হিচাবে শনিবাৰে দৰং জিলাটো অনুস্থিত হৈছে গড়ৰ খৰ্গ পুনৰীক্ষণ পৰ্ব । মঙলদৈত জিলা উপায়ুক্ত সভাগৃহত কটকটীয়া নিৰপত্তাৰ মাজত অনুস্থিত হৈছে এই পৰিক্ষণ । বনবিভাগ, আৰক্ষী, গড়ৰ খৰ্গৰ বিশেষজ্ঞ, স্বানীয় এনজিঅ’ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতিত ৭৪ টা গড়ৰ খৰ্গ পৰীক্ষণ অনুস্থিত হয় ।

ইয়াৰ পূৰ্বে মৰিগাঁও জিলা আৰু বৰপেটা জিলাৰ মানাহত কৰিছিল পৰীক্ষণ । বিশেষজ্ঞ তথা পদ্মশ্ৰী কুশল শৰ্মা, অতিৰিক্ত প্ৰধান বন সংৰক্ষক এম কে যাদব, বন সংৰক্ষক বংকীম শৰ্মা, বন সংৰক্ষক ( বন্যপ্ৰাণী ) মজিদুল হুচেইন দৰঙৰ ডিএফঅ ( বন্যপ্ৰাণী ) প্ৰদীপ্ত বৰুৱা, আৰণ্যকৰ সঞ্চালক বিভব তালুকদাৰ উপস্থিতিত প্ৰায় ৩০ জনীয়া দলে কৰিছে পৰীক্ষা ।

লগতে পঢ়কঃ বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ

দুই কেজিৰ পৰা ১০০ গ্ৰাম ওজনৰ খৰ্গ পোৱা গৈছে এই পৰীক্ষাৰ সময়ত । ১৯৮০ চনৰ মঙলদৈ জিলা কোষাগাৰত ৰখা উক্ত খৰ্গ সমুহ গড়ৰ স্বাভাৱিক মৃত্যু হোৱা খৰ্গ অথবা চোৰাং চিকাৰীৰ হাতৰ পৰা জব্দ কৰা খৰ্গ । বিশেষকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা খৰ্গ সমুহ কোষাগাৰত ৰখা হৈছিল ।

এই সম্পৰ্কে বন্যপ্ৰাণী প্ৰাধিকাৰী দৰং সংমন্ডলত বিষয়া প্ৰদিপ্ত বৰুৱাক সাংবাদিকে জানিব বিচাৰিছিল যদিও সবিশেষ নক’লে । জানিব পৰা মতে সমগ্ৰ অসমতে ৰখা এনে গড়ৰ খৰ্গসমূহ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি পৰীক্ষা কৰা হৈছে আৰু অহা চেপ্তেম্বৰ মাহত কাজিৰঙাৰ নিদিষ্ট স্থানত জ্বলাই দিয়া হ’ব ।

আজিৰ পৰীক্ষাৰ সময়ত সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাবে মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া খবৰৰ সাংবাদিক মুকুট ৰাজ শৰ্মাও উপস্থিত আছিল ।

লগতে পঢ়কঃ সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেলেৰে সজাগতা যাত্ৰা

ABOUT THE AUTHOR

...view details