অসম

assam

ETV Bharat / state

বৰপেটাত বন বিভাগৰ গঁড়ৰ খৰ্গ পৰীক্ষা

ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গ গণনা আৰু পৰীক্ষাৰ বাবে বৰপেটাত উপস্থিত বন বিভাগৰ বিশেষজ্ঞ সমিতি ৷ মজুত থকা গঁড়ৰ খৰ্গসমূহ কেনে অৱস্থাত আছে তাৰ বাবে পৰীক্ষা চলাব বিশেষজ্ঞ সমিতিয়ে ৷

rhino horn inspection underway in barpeta
গঁড়ৰ খৰ্গ পৰীক্ষণ

By

Published : Aug 20, 2021, 12:58 PM IST

বৰপেটা , 20 আগষ্ট : ৰাজ্যৰ বনবিভাগে আৰম্ভ কৰিছে ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গসমূহৰ গণনা আৰু পৰীক্ষা ৷ ৰাজ্যৰ কোনো কোনো জিলাত ইতিমধ্যে বন বিভাগৰ বিশেষজ্ঞ সমিতিয়ে গণনা আৰু পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে ৷ সেই অনুসৰি বৰপেটা জিলাৰ কোষাগাৰত মজুত থকা গঁড়ৰ খৰ্গসমূহ কেনে অৱস্থাত আছে তাৰ অনুসন্ধানৰ বাবে শুকুৰবাৰে বন বিভাগৰ বিশেষজ্ঞ সমিতি বৰপেটাত উপস্থিত হয় ৷

খৰ্গ গণনা আৰু পৰীক্ষণৰ উদ্দেশ্যে বিশেষজ্ঞ সমিতিৰ লগতে বন বিভাগৰ বিষয়াসকলো বৰপেটাত উপস্থিত হৈছে ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত খৰ্গসমূহৰ গণনা আৰু পৰীক্ষণ কৰা হ'ব ৷ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ (Manas Tiger Project) ক্ষেত্ৰ সঞ্চালক অমল শৰ্মাই জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে 2016 চনৰ ছেপ্তেম্বৰ মাহতো ৰাজ্যত উপস্থিত থকা খৰ্গসমূহৰ গণনা আৰু পৰীক্ষা কৰা হৈছিল ৷

বৰপেটাত উপস্থিত বন বিভাগৰ বিশেষজ্ঞ সমিতি

লগতে পঢ়ক :গঁড়ৰ নখ সহ বন বিভাগৰ জালত চোৰাং চিকাৰী

উল্লেখ্য যে, গঁড়ৰ খৰ্গসমূহৰ অৱস্থা সম্পৰ্কে পৰীক্ষা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল ৷

জানিব পৰা মতে, ৰাজ্যৰ বিভিন্ন কোষাগাৰত বন বিভাগৰ প্ৰায় 2500 গঁড়ৰ খৰ্গ মজুত আছে ৷ ইয়াৰে অধিকাংশ গোলাঘাট আৰু কাজিৰঙাত আছে ৷ ইয়াৰ প্ৰায় 1000 গঁড়ৰ খৰ্গ বন বিভাগে চোৰাংচিকাৰীৰ পৰা জব্দ কৰাৰ বিপৰীতে বাকী খৰ্গসমূহ প্ৰাকৃতিকভাৱে মৃত্যু হোৱা গঁড়ৰ ৷

লগতে পঢ়ক :সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা

শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা গঁড়ৰ মাজত হোৱা যুঁজত এটি মাইকী গঁড়ে প্ৰাণ হেৰুৱাইছিল ৷ উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ কাঁহিবাৰীত দুটা গঁড়ৰ মাজত যুঁজ প্ৰত্যক্ষ কৰিছিল বন বিভাগৰ লোকে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মে' পৰ্যন্ত মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুঠ 47 টা গঁড় আছে ৷

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

ABOUT THE AUTHOR

...view details