অসম

assam

ETV Bharat / state

World Environment Day: বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকমূহুৰ্তত কলগাছিয়াত ৩ হেজাৰ গছ পুলি ৰোপণৰ সংকল্প - Resolution to plant thousands of saplings

দেওবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হ'ব বিশ্ব পৰিৱেস দিৱস । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে লোৱা হৈছে বিশেষ বিশেষ কাৰ্যসূচী । ইয়াৰ মাজতে কলগাছিয়াত কিছু ব্য়তিক্ৰম । ৩ হাজাৰ গছপুলি ৰোপনৰ সংকল্পৰে ওলাই আহিল কলগাছিয়াৰ যুৱক-যুৱতী(Resolution to plant thousands of saplings in Kalgachia) ।

Target to plant Three thousand saplings in Kalgachia
বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকঃমূহুৰ্ত্বত মহান উদ্দেশ্য: কলগাছিয়াত ৩ হেজাৰ গছ পুলি ৰোপণৰ সংকল্প

By

Published : Jun 4, 2022, 10:10 PM IST

কলগাছিয়া,৪ জুন:'গছ থাকিলেহে মানুহ থাকিব' এই শ্লোগানক বাস্তাৱায়িত কৰিবলৈ ওলাই আহিছে কলগাছিয়াৰ একাংশ যুৱক-যুৱতী । ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দুয়োকাষে ৩ হেজাৰ গছ পুলি ৰোপণৰ সংকল্প লৈছে তেঁওলোকে(Resolution to plant thousands of saplings in Kalgachia) । বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ল ‘আমাৰ সংকল্প’ নামেৰে বৃক্ষৰোপণ কাৰ্যসূচী ।

কেৱল ৫ জুন তাৰিখেই নহয়, প্ৰতিটো দিনেই যাতে পৰিৱেশ দিৱস হিচাপে পালন কৰিব পাৰে তাৰ সংকল্প লৈ ওলাই আহিছে কলগাছিয়াৰ এইসকল যুৱক-যুৱতী । কাইলৈ অৰ্থাৎ ৫ জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস । এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিটো দিনতেই যাতে বৃক্ষ ৰোপন কৰিব পাৰে, তাৰ বাবে ৰাইজক সজাগ কৰিবলৈ ওলাই আহিছে এইসকল যুৱক-যুৱতী ।

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকঃমূহুৰ্ত্বত মহান উদ্দেশ্য: কলগাছিয়াত ৩ হেজাৰ গছ পুলি ৰোপণৰ সংকল্প

স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱৰ আমিনা খাতুন নামৰ যুৱতীগৰাকী আৰু তেওঁৰ সহকৰ্মীকে ধৰি একাংশ যুৱক-যুৱতীৰ প্ৰচেষ্টাত বামুণটাৰী মৰা বেঁকী দলঙৰ পৰা বৰপেটালৈ ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ দুয়োকাষে ৰোপণ কৰিব ৩ হেজাৰ গছ পুলি । বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাস আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়াইৰ উপস্থিতিত ‘আমাৰ সংকল্প’ নামৰ এই বৃক্ষৰোপন কাৰ্য্যসূচী উদ্ধোধন কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতী সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় অতিৰিক্ত উপায়ুক্ত লাচিত দাসে ।

লগতে পঢ়ক:আগৰ দৰে নাথাকিব মেট্ৰিক পৰীক্ষাৰ মানদণ্ড: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details