জনীয়া, 19 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত চোৰৰ উপদ্ৰৱ ৷ চোৰৰ উপদ্ৰৱত অতিষ্ঠ সাধাৰণ জনতা । শেহতীয়াকৈ কলগাছিয়াৰ নদীয়াপাৰাত দেওবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড ৷ একেটা নিশাই চাৰিটাকৈ পৰিয়ালৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড ৷ ঘটনাক কেন্দ্ৰ কৰি আতংকিত গাঁওবাসী (Residents of Kalgachia afraid of threat of thieves) ৷
নদীয়াপাৰা গাঁৱৰ চাৰিটা পৰিয়াল ক্ৰমে হাফিজুৰ ৰহমান, নুৰমহাম্মাদ আলী, আমজাদ আলী আৰু ইছাহাক আলীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড । ইয়াৰে দুঘৰত দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰ ৷ আনদুটা বাসগৃহত আকৌ চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে (Many families were robbed in Kalgachia)।
প্ৰাপ্ত তথ্য অনুসৰি চোৰে গৃহস্থৰ টেবুল, ট্ৰাংককে আদি কৰা সমুদায় উঠাই নি পথাৰৰ মাজত সেই সমূহৰ তলা ভাঙি তাৰ পৰা নগদ ধনকে ধৰি সোণ-ৰূপৰ আ-অলংকাৰ লৈ উধাও হয় চোৰৰ দলটো । একেটা প্ৰক্ৰিয়াৰেই চাৰিটাকৈ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী চোৰে চুৰি কৰি নিয়া বুলি জানিব পৰা গৈছে (Theft in Kalgachia) । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ ।