বৰপেটা,3 এপ্ৰিল:অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ এটা বিতৰ্কিত বক্তব্যৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই দুটাকৈ চেটেলাইট চেনেলৰ দুগৰাকী সাংবাদিকক শাৰিৰীক আক্ৰমণ, যিকোনো ধৰণৰ অপকাৰ সাধন কৰাৰ ভাবুকি ফোনযোগে প্ৰদান কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ সাংবাদিক, দল-সংগঠন, সচেতন মহলৰ প্ৰতিবাদৰ সন্মুখীন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ৷
সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াতো কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে ক'লা বেজ পৰিধান কৰি পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক, সাংবাদিকৰ নিৰপত্তাৰ ব্যৱস্থা কৰক, পীযুষ হাজৰিকাৰ গুণ্ডাগিৰি নচলিব, পীযুষ হাজৰিকাৰ মনোনয়ন খাৰিজ কৰক, সাম্প্ৰদায়িক মন্তব্য বন্ধ কৰক, গৃহ বিভাগ হায় হায়, পীযুষ হাজৰিকা হায় হায়, পীযুষ হাজৰিকা লেই-লেই, ছেই-ছেই আদি শ্ল’গানেৰে উত্তাল কৰি তোলে কলগাছিয়াৰ আকাশ-বতাহ ৷