অসম

assam

By

Published : Jan 17, 2021, 10:50 PM IST

ETV Bharat / state

জনীয়াৰ ৰেণু খানম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

দেওবাৰে ৰেণু খানম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত অৱৰ্তীৰ্ণ হয় বি বি আঞ্চলিক ক্লাব আৰু বৰনগৰ কছিং দল ৷ খেলত দ্বীপজ্যোতি হিৰুক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ।

renu-khanam-memorial-football-tournament-end-at-jonia
জনীয়াৰ ৰেণু খানম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

জনীয়া,17 জানুৱাৰী: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বি বি আঞ্চলিক ক্লাবৰ উদ্যোগত গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দেওবাৰে অনুষ্ঠিত হয় ৰেণু খানম সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ৷ খেলখন উদ্বোধন কৰে ৰেণু খানমৰ স্বামী নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক খন্দকাৰ আব্দুল গফুৰে ৷ বি বি আঞ্চলিক ক্লাব আৰু বৰনগৰ কছিং দল মুখামুখি হোৱা চূড়ান্ত মেচখনত বৰনগৰ কছিঙক 4-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে বি বি আঞ্চলিক ক্লাবে ৷

জনীয়াৰ ৰেণু খানম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

উল্লেখ্য যে,বিগত তিনি বছৰ ধৰি ৰেণু খানমৰ সোঁৱৰণী প্ৰাইজ আগবঢ়াই আহিছে যুৱ সমাজ সেৱক তথা ৰেণু খানমৰ সুযোগ্য সন্তান খন্দকাৰ আশ্ৰফুল মামুনে ৷ খেলত দ্বীপজ্যোতি হিৰুক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় । যুৱ সমাজক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত বি বি আঞ্চলিক ক্লাৱে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে গুনিয়ালগুৰি অঞ্চলৰ সচেতন ৰাইজে ৷

লগতে পঢ়কঃগোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাত মিছা কথাকৈ মহিলা গোটোৱাৰ অভিযোগ !

ABOUT THE AUTHOR

...view details