বৰপেটা, ২১ জুনঃ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰ হ'ল বৰপেটা জিলা প্ৰশাসন ৷ চাৰিদিন ধৰি ভোকে-লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বৰপেটাৰ কন্টেইনমেন্ট জ'নৰ লোক সকল ৷
উল্লেখ্য যে, যোৱা ১৭ জুনৰ নিশা বৰপেটা সত্ৰৰ সমীপৰ বৰহাটী অঞ্চলটো জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰিছিল ৷ ৰণজিৎ সূত্ৰধাৰ নামৰ এজন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ স্বাৰ্থতেই প্ৰশাসনে অঞ্চলটোৰ ৰাজপথত বাঁহৰ বেৰিকেড সাজি কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷ কিন্তু কন্টেইনমেন্ট জ'নত আৱদ্ধ হৈ থকা লোকসকলক বিগত চাৰিদিনে খাদ্য সামগ্ৰীকে আদি কৰি এটুপি খোৱা পানীৰো যোগান ধৰা নাছিল প্ৰশাসনে ৷ ফলত উক্ত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়াল সকলৰ খাদ্য সংকটত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৷ উক্ত খবৰটো ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰো হৈছিল ৷