অসম

assam

ETV Bharat / state

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস

বৰপেটাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বাক্সাৰ আৰক্ষী অধীক্ষকৰ সৈতে গোৱৰ্ধনাত উপস্থিত হ’ল ৰঞ্জিৎ কুমাৰ দাস ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীক লৈ বৰপেটা আৰু বাক্সাকে ধৰি নামনি অসমৰ জিলাসমূহৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি ৷

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস

By

Published : Jul 25, 2019, 11:19 PM IST

বৰপেটা, 25 জুলাইঃ বৰপেটাত ৰেড এলাৰ্ট ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীক লৈ বৰপেটা আৰু বাক্সাকে ধৰি নামনি অসমৰ জিলাসমূহৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ত্ৰাসৰ ৷ ইপিনে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়া হ’ব বুলি ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্প'ৰেছনৰ পৰা তথ্য লাভ কৰাৰ পিচতেই জিলাখনত বৰপেটা জিলা প্ৰশাসনৰ ৰেড এলাৰ্ট ৷

ৰেড এলাৰ্ট বৰপেটা জিলা প্ৰশাসনৰ, উপস্থিত ৰঞ্জিৎ কুমাৰ দাস

বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে মানাহ ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন নাৰায়নগুৰি, ছাফাকামাৰ গোৱৰ্ধনা আদি অঞ্চল পৰিদৰ্শন কৰে ৷ উক্ত অঞ্চলসমূহ পৰিদৰ্শ কৰি বিজেপি সভাপতি গৰাকীয়ে ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলায় ৷ ইপিনে গোৱৰ্ধনা ৰাইজৰ সৈতে এখন সভাতো অংশগ্ৰহণ কৰে বিজেপি সভাপতিগৰাকীয়ে ৷ এই সভাখনত উপস্থিত থাকে বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে বৰপেটাৰ আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷

বানাক্ৰান্তৰ উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সষ্টম হৈ আছে বুলি কয় বিধায়কগৰাকীয়ে ৷ আনহাতে ভূটানে পানী এৰিলে আগতীয়াকৈ জনাব বুলিও জানিব দিয়ে ৰঞ্জিৎ কুমাৰ দাসে ৷

ABOUT THE AUTHOR

...view details