বৰপেটা, ২৬ মাৰ্চ: বৃহস্পতিবাৰে সন্ধিয়া বৰপেটাৰ চেঙা সমষ্টিৰ বেচিক বজাৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিধায়ক শুকুৰ আলী আহমেদে । কাৰ্যলয় মুকলি অনুষ্ঠানত অংশ লৈ চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে তীব্ৰ সমালোচনা কৰে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলক ।
বদৰুদ্দিন আজমলে চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক শুকুৰ আলী আহমেদক "বুঢ়া বাঘ" আখ্যা দিয়াৰ পিছত শুকুৰ আলী আহমেদে আজমলক উভতি ধৰি কয় যে, 'বদৰুদ্দিন আজমল মোতকৈও বেছি বুঢ়া । মই দৌৰিব পাৰো, কিন্তু আজমলে ভালদৰে লৰচৰ কৰিবই নোৱাৰে' ।
বদৰুদ্দিন আজমল মোতকৈও বুঢ়াঃ শুকুৰ আলী আহমেদ এই মন্তব্য কৰি শুকুৰ আলী আহমেদে কয় যে, এনে কটুক্তি তেওঁ কৰিব পাৰে । কিন্তু এয়া এগৰাকী ৰাজনৈতিক নেতাৰ মুখত শোভা নাপায় । লগতে এটা দলৰ সভাপতি হিচাপে আজমলৰ ভাষ্যত শালিনতা থাকিব লাগে বুলিও মন্তব্য কৰে শুকুৰ আলী আহমেদে ।
চেঙা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীক আজমলে ডেৰ লাখ ভোট দিবলৈ ৰাইজলৈ আহ্বান জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰ আলী আহমেদে কয় যে, চেঙা সমষ্টিত ১ লাখ ৪৪ হাজাৰ ভোটাৰ আছে । ডেৰ লাখ ভোট কেনেকৈ লাভ কৰিব বুলিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজমলক উদ্দেশ্যি প্ৰশ্ন কৰে ৷ লগতে চেঙা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দী নাই বুলি মন্তব্য কৰে শুকুৰ আলী আহমেদে ।
লগতে পঢ়ক:13 বছৰীয়া কৃশানু বৰগোঁহাইৰ নতুন গীত মুকলি