জনিয়া,5 জুন:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত এগৰাকী কাৰাবন্দী কৰ’ণাত আক্রান্ত হোৱাৰ খবৰ লাভৰ পিছতে গভীৰ উদ্বেগ প্ৰকাশ কৰি সংগঠনটোৱে নেতা কেইগৰাকীৰ মুক্তিৰ দাবী উত্থাপন কৰে ।
কাৰাবন্দী কৃষক নেতাৰ মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - SMSS
মহানগৰী গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কয়দী আক্ৰান্ত হৈছে কৰ’ণাত ৷ এই বিষয়ত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
![কাৰাবন্দী কৃষক নেতাৰ মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ Reaction of SMSS jania Barpeta assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7490109-thumbnail-3x2-a.jpeg)
কৃষক নেতাৰ মুক্তিৰ দাবী
কাৰাবন্দী কৃষক নেতাৰ মুক্তিৰ দাবী
উল্লেখ্য যে, কেন্দ্ৰীয় কাৰাগাৰত থকা সকলো কাৰাবন্দীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী কাৰাগাৰত থকা অতিৰিক্ত কাৰাবন্দীসকলক মুকলি কৰি দিবলৈ অনুৰোধ জনাই চৰকাৰক ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে সংগঠনটোৰ হৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
লগতে চাওকঃএএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ