অসম

assam

ETV Bharat / state

Assam govt Recruitment controversy: ভিক্টৰৰ টুইটে লগাইছে তোলপাৰ - চাকৰিৰ নিযুক্তিৰ নামত ধন সংগ্ৰহ

26 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া লৈ সূচনা হ’ল বিতৰ্কৰ ৷ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে চাকৰি প্ৰাৰ্থীৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ৷ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে (Money laundering allegation on Assam recruitment)৷

Assam direct recruitment
26 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া লৈ সূচনা হ’ল বিতৰ্কৰ

By

Published : Sep 9, 2022, 4:27 PM IST

বৰপেটা, ৯ চেপ্তেম্বৰ: ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ চাকৰিত নিয়োগৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ৰাজ্যৰ প্ৰায় ১৩ লাখ নিবনুৱাই অংশ লৈছিল ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিয়োগ প্ৰক্ৰিয়া(Assam direct recruitment) অতি স্বচ্ছ আৰু নিকা হ’ব বুলি বাৰে বাৰে ঘোষণা কৰাৰ লগতে পৰীক্ষাৰ সময়ত ইন্টাৰনেট সেৱা পৰ্যন্ত কৰ্তন কৰিছিল ৷ উপযুক্ত প্ৰাৰ্থীয়ে যাতে চাকৰি লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি বিশ্বাস কৰিছিল অসমবাসীয়ে ৷

শেহতীয়াকী চাকৰিৰ নামত একাংশই ধন সংগ্ৰহ কৰাৰ লগেতে প্ৰাক্তন বিধায়কো এই কাৰ্যত জড়িত থকা বুলি বুলি ভিক্টৰ দাস নামৰ এজন লোকে সামাজিক মাধ্যমযোগে (Victor Das tweet on govt recruitment) অভিযোগ উত্থাপন কৰিছে (Money laundering allegation on Assam recruitment) ৷ ইয়াৰ পাছতেই সাধাৰণ জনতাৰ মনত সংশয়ৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ৷ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা বিষয়টোক লৈ ইতিমধ্যে গোচৰো ৰুজু হৈছে ৷

26 হাজাৰ নিযুক্তি প্ৰক্ৰিয়া লৈ সূচনা হ’ল বিতৰ্কৰ

নিযুক্ত পৰীক্ষাত ধনৰ লেন-দেনৰ অভিযোগৰ পাছতে ৰাজ্য চৰকাৰৰ স্থিতিক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে ভিন্নজনে ৷ এই পৰ্যন্ত বিষয়টোক লৈ তদন্ত ঘোষণা নোহোৱাক লৈও ক্ষোভ উজাৰিছে প্ৰাৰ্থীৰ লগতে দল-সংগঠনে ৷ চাকৰিৰ নামত ধন সংগ্ৰহৰ বিষয়টোক লৈ ৰাজ্যবাসীৰ মাজত সৃষ্টি হৈ থকা সন্দেহৰ মাজতে এগৰাকী চাকৰি প্ৰাৰ্থীয়ে প্ৰশ্ন কৰিছে যে, পৰীক্ষাত অনৈতিক কাৰ্য সংঘটিত কৰিলে পিঠি ফালি দিম বুলি কোৱা ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধানে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাসকলৰ পিঠি ফালিবলৈ কি ব্যৱস্থা হাতত ল’ব ?

ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই বিজেপি চৰকাৰে এটাও পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) কেন্দ্ৰীয় সমিতিৰ নেতা গোবিন্দ গায়নৰ ৷ বিজেপিত কংগ্ৰেছী সংস্কৃতি চলি থকাৰ অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে ৷ অৱশ্যে কংগ্ৰেছ চৰকাৰৰ দিনত ৩ বা ৪ লাখত পোৱা চাকৰিৰ বাবে এতিয়া দুগুণ টকা আদায় দিব লগা হৈছে মন্তব্য কৰে নেতাগৰাকীয়ে (Assam govt job scam allegation)৷

আনহাতে, চাকৰিৰ নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তদন্ত ঘোষণাৰ দাবী জনাইছে আন এগৰাকী চাকৰিপ্ৰাৰ্থীয়ে ৷

লগতে পঢ়ক:Honey Singh divorce: 1 কোটি টকাৰ লেনদেনেৰে অন্ত পৰিল 10 বছৰীয়া বৈবাহিক সম্পৰ্ক

ABOUT THE AUTHOR

...view details