বৰপেটা, ৩ নৱেম্বৰঃ"বৰপেটা মানেই বঞ্চনা ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু বঞ্চনাৰ বাবেই শতিকাপ্ৰাচীন বৰপেটা চহৰত আজিও নহ'ল বিশেষ উন্নয়ন ৷ সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস নিজ জন্মস্থানৰ উন্নয়ন নিবিচৰা বৰপেটাৰ কলংকিত সন্তান ৷"- বৰপেটা চহৰৰ পৰা দুটাকৈ মুখ্য কাৰ্যালয় উঠাই নিব বিচৰাক লৈ ক্ষোভিত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিয়ে সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক এইদৰে নিজ জন্মস্থানৰ উন্নয়ন নিবিচৰা বৰপেটাৰ কলংকিত সন্তান বুলি অভিহিত কৰে ৷
বৰপেটাত থকা গ্ৰাম্য পথ সংমণ্ডল আৰু ৰাজ্যিক পথ সংমণ্ডল কাৰ্যালয় দুটা বৰপেটাৰ পৰা স্থানান্তৰৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে ৷ ইয়াৰে গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়টো নিয়া হ'ব ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগলৈ ৷ আনহাতে পাঠশালা চহৰলৈ স্থানান্তৰ কৰা হ'ব ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যালয়টো ৷ যাৰ পাচতে ৰাজ্য চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে বৰপেটাবাসীৰ মাজত ৷ উল্লেখ্য যে ২০০৭ চনতো গড়কাপ্তানী গৃহ সংমণ্ডলৰ মুখ্য কাৰ্যালয়টো বৰপেটাৰ পৰা নলবাৰী জিলালৈ কংগ্ৰেছ চৰকাৰে স্থানান্তৰিত কৰিছিল ৷ এইবাৰো পুনৰ বৰপেটা চহৰক কাৰ্যালয় শূন্য কৰিব বিচৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ ক্ষোভিত আছুৱে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হব বুলি মন্তব্য কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ৷