অসম

assam

ETV Bharat / state

কাউৰজাহীত RCC পাৰ্কুপাইনৰে বেকীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা - RCC Porcupine ৰে গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা

কলগাছিয়াৰ কাউৰজাহী ইছোব বজাৰত RCC পাৰ্কুপাইনৰে বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা । জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ ধন্যবাদ জ্ঞাপন ৰাইজৰ ।

beki river erosion at jania
বেকী নদীত গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা

By

Published : Aug 25, 2021, 9:02 AM IST

জনীয়া, 25 আগষ্ট :ৰাজ্যত এফালে বান, আনফালে খহনীয়াৰ তাণ্ডৱ ৷ বিশেষকৈ বেকী নৈৰ খহনীয়াই উচন কৰিছে বহুতৰে আপোন ঘৰখন ৷ বেকী নৈৰ বুকুত জাহ গৈছে বহু মাটি-সম্পত্তি ৷ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱতো অব্যাহত আছে বেকী নদীৰ খহনীয়া ৷ এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি, মঙলবাৰে কলগাছিয়াৰ কাউৰজাহী ইছোব বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে বেকী নদীৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা ৷

জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ তৎপৰতাত ইছোব বজাৰত আৰচিচি পাৰ্কুপাইনৰ(RCC Porcupine) সহায়ত বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই ব্যৱস্থাক লৈ কিছু স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখ্য যে, দিনে দিনে কাউৰজাহী, আমগুৰি, চিকনী আৰু ইছবপুৰত খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে ৷

স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ

নদীৰ বুকুত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ উটি যোৱাত দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এই সমস্যাৰ সমাধান বিচাৰি অঞ্চলবাসী কাষ চাপিছিল স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ তাৰ পাচতেই বিধায়কগৰাকীয়ে শীঘ্ৰে অঞ্চলটোৰ ৰাইজক খহনীয়া ৰোধৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেইমৰ্মে বিধায়কগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে বিধানসভাৰ বাজেট অধিৱেশনতো প্ৰস্তাৱ আগবঢ়াইছিল ৷

লগতে পঢ়ক :ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

আনকি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাকো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ৷ তাৰপাচতে বিধায়কগৰাকীৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই জনীয়াৰ চাৰি স্থানত অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ লগতে বৰপেটা জিলা কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে ।

RCC পাৰ্কুপাইনৰে বেকীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা

সেইমৰ্মে মঙলবাৰে কাউৰজাহীৰ ইছোব বজাৰত প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে RCC পাৰ্কুপাইনৰ দ্বাৰা বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ কামৰ উদ্বোধন কৰা হয় । বিধায়কগৰাকীৰ অনুপস্থিতিত তেওঁৰ প্ৰতিনিধি নজৰুল ইছলাম আৰু আশ্ৰাফুল মামুনে বিভাগীয় অভিযন্তাৰ সহযোগত খহনীয়া প্ৰতিৰোধৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰে । খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাত জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :গোবিন্দপুৰত বেকীৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details