বজালীৰ তিনিখন মহাবিদ্যালয়ত প্ৰচাৰ চলালে "টিম ৰত্নাকৰে"
প্ৰায় এমাহ ধৰি অসমৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পাচত সোমবাৰে পাঠশালাৰ পাটাছাৰকুছি নিৰ্ম্মল হালৈ মহাবিদ্যালয়, পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, আৰু আনন্দৰাম বৰুৱা একাডেমিত প্ৰচাৰ চলায় ৰত্নাকৰ টীমে ৷
পাঠশালা, ৩০ ছেপ্টেম্বৰঃচমু চাপিছে 'ৰত্নাকৰ'ৰ মুক্তিৰ দিন ৷ 11 অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰত বৰ্তমান ব্যস্ত হৈ পৰিছে ছবিখনৰ সমূহ কলা-কুশলী ৷ প্ৰায় এমাহ ধৰি অসমৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পাচত সোমবাৰে পাঠশালাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়, পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, আৰু আনন্দৰাম বৰুৱা একাডেমিত প্ৰচাৰ চলায় ৰত্নাকৰ টীমে ৷ প্ৰচাৰ অভিযানত পাঠশালাক লৈ নষ্টালজিক হৈ পৰিল ছবিখনৰ অভিনেত্ৰী নিশিতা গোস্বামী ৷ দীনবন্ধু ছবিৰ 'কৰ এজাক সপোণ যেন বৰষুন গীটতিৰ স্মৃতি ৰোমন্থন কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ আনহাতে,পাঠশালাক শিক্ষা নগৰী বুলি মন্তব্য কৰি পাঠশালাৰ গুনানুকীৰ্তনত পঞ্চমুখ হ'ল যতীন বৰা, নৱনীতা বৰা আৰু নিশিতা গোস্বামী ৷