বজালী, 30 নৱেম্বৰ :পাঠশালাৰ পাটাছাৰকুছিত দেওবাৰে এদিনীয়াকৈ আয়োজন কৰা হয় ৰাস মহোৎসৱ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে ৰাস মহোৎসৱখন ৷ পূৰ্বৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ক’ভিড প্ৰট’কল মানি আয়োজন কৰা হয় ৰাস মহোৎসৱখন ৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাস মহোৎসৱ উদ্বোধন কৰি ৰাজ্যবাসীক ৰাস মহোৎসৱৰ শুভেচ্ছা জনায় ৷
পাটাছাৰকুছিত ৰাস মহোৎসৱ উদ্বোধন কৰিলে ৰণজিৎ দাস - ras festival celebrate in patasakuchi
ক’ৰণা মহামাৰীৰ মাজতেই এইবাৰ সত্ৰনগৰী মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় ৰাস মহোৎসৱ ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নামনি অসমৰ ঐতিহ্যমণ্ডিত পাটাছাৰকুছিবাসী ৷ পাটাছাৰকুছিত উদ্যোক্তাসকলে ক’ভিড প্ৰটকল মানি পূৰ্বৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰে ৰাস মহোৎসৱ ৷

পাটাছাৰকুছিত ৰঞ্জিত দাসে উদ্বোধন কৰে ৰাস মহোৎসৱ
দাসে লগতে কয় যে, ক’ভিডৰ ভয়াবহতাৰ মাজত এইবাৰ পাঠশালা, পাটাছাৰকুছিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ আয়োজন কৰা হয় যদিও ৰাসৰ আধ্যাত্মিকতা ম্লান পৰা নাই ৷ ভক্ত আৰু ভগবানৰ মিলনেই হৈছে বৃন্দাবনৰ ৰাসলীলা ৷ সকলোৰে মাজত ভাতৃত্ববোধ আৰু সমন্বয় বৃদ্ধি কৰি আমি যাতে এখন সুন্দৰ সমাজ গঠন কৰিব পাৰো, তাৰবাবে ভগবান শ্ৰী কৃষ্ণই আৰ্শীবাদ দিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আশা ব্যক্ত কৰে ৷
পাটাছাৰকুছিত ৰাস মহোৎসৱ উদ্বোধন কৰিলে ৰণজিৎ দাস
লগতে পঢ়ক : খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ