অসম

assam

ETV Bharat / state

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ

শেহতীয়াভাৱে কোকৰাঝাৰ আৰু মৰিগাঁও জিলাৰ নাৰকীয় কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পোহৰলৈ আহিছে পাঠশালাৰ আন এক ধৰ্ষণৰ ঘটনা ৷ বজালী জিলাৰ পাঠশালাৰ মাছখোৱা পাৰাত বিগত 28 মে'ত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ কামনাৰ বলি হ'ল এটি 7 বছৰীয়া শিশু ৷

rape case of Pathsala
ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ

By

Published : Jun 28, 2021, 9:55 AM IST

পাঠশালা,28 জুন :বিগত 28 মে'ত বজালী জিলাৰ পাঠশালাৰ মাছখোৱা পাৰাত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ কামনাৰ বলি হৈছিল এটি 7 বছৰীয়া শিশু ৷ শিক্ষকগৰাকীয়ে টিউচন কৰাৰ চলেৰে ঘৰলৈ মাতি নি শিশুটিৰ ওপৰত যৌন নিৰ্যাতন চলোৱাত শিশুটিৱে পিতৃ-মাতৃৰ আগত ঘটনা সন্দৰ্ভত বিৱৰি কোৱাৰ পাচতে পাটাছাৰকুছি থানাত গোচৰ ৰুজু কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু এই ঘটনাৰ এমাহ উকলি যোৱাৰ পাচতো পাটাছাৰকুছি আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে,আৰক্ষীৰ নিৰ্লিপ্ত ভুমিকাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠনৰ লগতে মাছখোৱাপাৰা গাঁৱৰ স্থানীয় লোকসকল ৷

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ

উল্লেখ্য যে, এই জঘণ্য ঘটনাৰ কেইদিনমানৰ পিছত পৰিয়ালৰ লোকে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগত বিষয়টো আলোচনা কৰাত তেওঁ-"দোষী য'তেই নাথাকক কিয়, তেওঁ যিয়েই নহওক শাস্তি পাবই"বুলি উল্লেখ কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় আজিলৈকে বজালী প্ৰশাসনে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল বাক্সাৰ আনন্দ বজাৰৰ সমীপৰ গড়আলী ভোলানাথ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অভিযুক্ত প্ৰবীণ কলিতাক ৷

আনহাতে, যি সময়ত সমগ্ৰ ৰাজ্যতে অপৰাধীসকলৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে অসম আৰক্ষী ৷ সেই সময়তেই ধৰ্ষণৰ দৰে অভিযোগত অভিযুক্ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক কৰায়ত্ব কৰিৱ নোৱাৰা ঘটনাকলৈ জাঙুৰ খাই উঠিছে দল-সংগঠন সমূহে ৷

স্থানীয় সংগঠনৰ অভিযোগ, তদন্তৰ নামত ভেকোভাওঁনা কৰিছে প্ৰশাসনে ৷ অভিযুক্তক আটক কৰিব নোৱাৰাটো পাটাছাৰকুছি আৰক্ষীৰ এক বিফলতা বুলি উল্লেখ কৰি কয়, পাটাছাৰকুছি আৰক্ষীৰে গোপন বুজাবুজি চলিছে অভিযুক্তৰ ৷ ৰাজ্যত দিনে দিনে হত্যা, হিংসা আৰু ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে সকলো প্ৰান্তৰ ৰাইজ ৷ এই ঘটনাৰ পাচতে এতিয়া অৱসৰপ্ৰাপ্ত শিক্ষক অভিযুক্ত প্ৰবীণ কলিতাক আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে বজালীৰ ৰাইজে ৷

লগতে পঢ়ক:POSCO আইনৰ অধীনত ছৈয়দ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details