পাঠশালা,6 জুন : দেওবাৰে পাঠশালাত উপস্থিত হয় ৰাজ্যিক মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস ৷ শনিবাৰে মৃত্যু হোৱা পাঠশালাৰ বিশিষ্ট শিক্ষাবিদ সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী দাস । সম্পূৰ্ণানন্দ তালুকদাৰৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পূৰ্বে তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷
শীঘ্ৰেই কনিষ্ঠ আৰু সহকাৰী অভিযন্তা পদত দিয়া হ’ব নিযুক্তি : ৰণজিৎ দাস - ৰণজিৎ দাস
পাঠশালাত দেওবাৰে উপস্থিত হৈ অসমত হ’ব লগা 1 লাখ চাকৰিৰ নিযুক্তি সন্দৰ্ভত মন্তব্য ৰাজ্যিক মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী এটা পৰীক্ষাৰ দ্বাৰাই বিভাগীয় পদত নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
![শীঘ্ৰেই কনিষ্ঠ আৰু সহকাৰী অভিযন্তা পদত দিয়া হ’ব নিযুক্তি : ৰণজিৎ দাস ranjit kumar das visited to pathsala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12037229-thumbnail-3x2-rre.jpg)
পাঠশালাত ৰণজিৎ কুমাৰ দাস
পাঠশালাত ৰণজিৎ কুমাৰ দাস
আনহাতে, সাংবাদিকৰে হোৱা বার্তালাপত মন্ত্ৰীগৰাকীয়ে অসমত হ’ব লগা 1 লাখ চাকৰিত নিযুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । শীঘ্ৰেই জল জীৱন মিছনত কনিষ্ঠ অভিযন্তা পদত 111 টা নিযুক্তি দিয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগত 171 টা কনিষ্ঠ অভিযন্তা আৰু সহকাৰী অভিযন্তা পদত নিযুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী দাসে । অন্য সকলো বিভাগৰ নিযুক্তি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী এটা পৰীক্ষাৰ দ্বাৰাই সম্পাদন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷
Last Updated : Jun 6, 2021, 6:32 PM IST