বৰপেটা ১৫ মে: মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিচত পোন প্ৰথমবাৰৰ বাবে বৰপেটাত পদাৰ্পণ ৰণজিৎ কুমাৰ দাসৰ ৷ পোনে পোনে বৰপেটা সত্ৰলৈ যোৱা মন্ত্ৰীগৰাকীয়ে ক'ভিড প্ৰটক'ল মানি চৌহদৰ বাহিৰৰ পৰাই সত্ৰত সেৱা জনায় ৷ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ক'ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত বৰপেটা সত্ৰই গ্ৰহণ কৰা বিধি-ব্যৱস্থাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে ৷ সত্ৰ পৰিচালনা সমিতিৰ বিধি-ব্যৱস্থাক সন্মান জনাই মন্ত্ৰীগৰাকীয়ে নিজেও সত্ৰৰ ভিতৰত প্ৰৱেশৰ পৰা বিৰত থাকে ৷ পিচত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীৰ পৰা আশীষ গ্ৰহণ কৰে ৰণজিৎ কুমাৰ দাসে ৷
বৰপেটা সত্ৰত সেৱা জনাই ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে শনিবাৰে বৰপেটা জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰি ক'ভিড নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ অধীনলৈ অনা ব্যৱস্থাৰ পৰিৱৰ্তে জিলা ভিত্তিত বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ পোষকতা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী ক'ভিড পজিটিভ ৰোগীৰ সৈতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীক টেলিফোনযোগে নিয়মীয়া যোগাযোগ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ ইপিনে ৰাজ্যত ১৭ দিনৰ খাদ্য সামগ্ৰী মজুত আছে বুলি সদৰী কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পাচলিৰ বজাৰ যোগান মন্ত্ৰীৰ নিয়ন্ত্ৰণত নাথাকে ৷ পাচলিৰ ব্যৱসায়ত পাইকাৰী আৰু খুচুৰা বিক্ৰেতাতকৈ মধ্যভোগী অধিক লাভান্বিত হয় বুলি মন্তব্য কৰি ইয়াৰ আঁৰৰ ৰহস্য কি,সেই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে ৷