অসম

assam

By

Published : Dec 24, 2019, 6:41 PM IST

ETV Bharat / state

সৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাসঃ আছুৰ ক'লা পতাকা প্ৰদৰ্শন

মঙলবাৰে বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷ কাৰ্যালয়টোত উপস্থিত হৈ বিজেপি সভাপতি গৰাকীয়ে উজনি অসমত আন্দোলনৰ নামত কংগ্ৰেছে তাণ্ডৱ চলাইছে বুলি মন্তব্য কৰে ৷ ইপিনে সৰভোগৰ বিধায়ক গৰাকী নিজ সমষ্টিত উপস্থিত হোৱাত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰে ৷

Ranjit Das
আছুৰ ক'লা পতাকা প্ৰদৰ্শন

বৰপেটাৰোড 24 ডিচেম্বৰঃ "উজনি অসমত আন্দোলনৰ নামত চৰকাৰী কাৰ্যালয় ভাঙি জ্বলাই দি যি তাণ্ডৱ চলোৱা হৈছে তাৰবাবে কংগ্ৰেছ দল জগৰীয়া ৷" মঙলবাৰে নিজ সমষ্টি সৰভোগত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে এই মন্তব্য কৰে ৷ মঙলবাৰে বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ সভাপতি গৰাকী ৷ কাৰ্যালয়টোত উপস্থিত হৈ সাংবাদিকৰ আগত তেওঁ কয় যে, উজনি অসমত কংগ্ৰেছ দলে চলোৱা ষড়যন্ত্ৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওফৰাব ৷ ইপিনে তেওঁ আছুৰ গণতান্ত্ৰিক আন্দোলনক সন্মান জনোৱা বুলিও উল্লেখ কৰে ৷ লগতে এই গণতান্ত্ৰিক আন্দোলনৰ সুযোগলৈ যিসকলে এনেধৰণৰ তাণ্ডৱ চলাইছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিজেপিৰ সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে ৷ ইয়াৰোপৰিও এই আন্দোলনৰ লগত জড়িত ব্যক্তি গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাই ৰণজিৎ কুমাৰ দাসে ৷

সৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাস

ইপিনে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে নিজ সমষ্টিত উপস্থিত হোৱাত আছুৱে কলা পতাকা প্ৰদৰ্শন কৰে৷ বিজেপিৰ সৰভোগৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ৰ পৰা উভতি অহাৰ পথত বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৰণজিৎ কুমাৰ দাসক এই কলা পতাকা প্ৰদৰ্শন কৰে৷ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰণজিৎ কুমাৰ দাসক কলা পতাকা দেখুৱাই "জাতিৰ দালাল ৰণজিৎ দাস গ বেক" , "বিজেপি গ বেক" , "আৰ এছ এছ গ বেক" , "C(A)A আমি নামানো" , "ৰণজিৎ দাস লেই লেই ছেই ছেই" আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিত উত্তাল কৰি তোলে ৷

লগতে পঢ়ক - ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

ABOUT THE AUTHOR

...view details