পাঠশালা, 11 জুলাই : শনিবাৰে বজালী জিলাত ষ্টেট বেংক অৱ ইণ্ডিয়া(State bank of India)ই ক্লাষ্টাৰ ফাইনেঞ্চ(cluster finance) ঋণ প্ৰদান অনুষ্ঠানৰ যোগেদি এক লাখ এক হাজাৰ টকাকৈ 100 গৰাকী মহিলাক ঋণ প্ৰদান কৰে ৷ কুকুৰা পালন আৰু ৰঙচুৱা কণী উৎপাদনৰ(brown egg farming) বাবে এছজিবি অৰ্গেনিক ফাৰ্মৰ জৰিয়তে এই ঋণ প্ৰদান কৰা হয় মহিলা কেইগৰাকীক ৷ এই অনুষ্ঠানত উপস্থিত থাকে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(food and civil supply minister Ranjit Kumar Das) ৷
অনুষ্ঠানটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এই ঋণ প্ৰদান অনুষ্ঠানৰ শলাগ লয় ৷ ইয়াৰোপৰি মন্ত্ৰী দাসে মন্তব্য কৰে যে, কণী উৎপাদনৰ ক্ষেত্ৰত বজালী জিলাক দ্বিতীয় অন্ধ্ৰপ্ৰদেশ হিচাপে গঢ় দিয়াটো তেওঁৰ এক সপোন ৷ অন্ধ্ৰ প্ৰদেশত কণী উৎপাদনৰ জৰিয়তে বহুলোকে উৎপাদনৰ পথ বাছি লোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে ৷