বৰপেটা , 22 নৱেম্বৰ: "কেব সম্পৰ্কে একো নজনাকৈ একাংশ লোকে এনেই হৈ হাল্লা কৰি আছে । এন আৰ চিৰ 1951 চন ভিত্তি বৰ্ষ সম্পৰ্কে দলীয়ভাবে এতিয়ালৈ একো আলোচনা কৰা হোৱা নাই । এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব।" বৃহস্পতিবাৰে সৰ্থেবাৰীত ডঃ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ।
সৰ্থেবাৰীত ডঃ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন - Ranjit das laid founder stone at Sarthebari
আনহাতে মহকুমা কাৰ্যকৰী কৰাৰ বাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে এতিয়া বিজেপিৰ চৰকাৰে মহকুমা প্ৰয়োজন ভিত্তিত কাৰ্যকৰী কৰিব । তাৰ কাৰণে চৰকাৰে সুকীয়া কৌশল অৱলম্বন কৰিছে বুলিও মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে ।

সৰ্থেবাৰী
ডঃ বি আৰ আম্বেদকাৰ ভৱন
আনহাতে মহকুমা কাৰ্যকৰী কৰাৰ বাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে এতিয়া বিজেপিৰ চৰকাৰে মহকুমা প্ৰয়োজন ভিত্তিত কাৰ্যকৰী কৰিব । তাৰ কাৰণে চৰকাৰে সুকীয়া কৌশল অৱলম্বন কৰিছে বুলিও মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে । ইয়াৰোপৰি জিলাখনত স্থানীয় বিধায়ক গৰাকীয়ে একো কাম নকৰে বুলি কোৱাৰ লগতে সৰভোগত এতিয়া কৰিবলৈ কামেই নাথাকিব বুলিও কটাক্ষ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে।