অসম

assam

By

Published : Oct 24, 2020, 8:26 PM IST

ETV Bharat / state

স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰেঃ ৰঞ্জিত কুমাৰ দাস

স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলি উল্লেখ কৰে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন, সদায় সপোন হৈয়ে থাকিব বুলিও কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

ranjit das at puja mondap borpetarode
স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰেঃ ৰঞ্জিত কুমাৰ দাস

বৰপেটাৰোড 24 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মহাষ্টমীৰ দিনা সৰভোগ আৰু বৰপেটাৰোডৰ কেইবাটাও পূজামণ্ডপত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে উপস্থিত হৈ মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনাই দেশ তথা ৰাজ্যৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে ৷

স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰেঃ ৰঞ্জিত কুমাৰ দাস

উল্লেখযোগ্য যে, ২৩ আৰু ২৪ অক্টোবৰত ৰঞ্জিত কুমাৰ দাসে প্ৰায় ৭০ খনতকৈ অধিক পূজাস্থলীত উপস্থিত থাকিব বুলি উল্লেখ কৰে ৷ লগতে ৰঞ্জিত কুমাৰ দাসে কয় যে, স্বাভিমানী অসমীয়া আৰু ভাৰতীয় জীয়াই থকালৈকে কংগ্ৰেছে চৰকাৰ গঠন কৰা সপোন বাস্তৱ নহ’ব ৷ কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন, সদায় সপোন হৈয়ে থাকিব ৷

স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰেঃ ৰঞ্জিত কুমাৰ দাস

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে ৰাইজৰ মন চুইছে বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, বিজেপিৰ দিনত ভাতৃঘাতী-ধৰ্মীয় সংঘাত সৃষ্টি হোৱা নাই ৷ কিন্তু কংগ্ৰেছৰ দিনত ভাতৃঘাতী-ধৰ্মীয় সংঘাত সৃষ্টি হৈছিল ৷ ধৰ্মীয় সংখ্যালঘু ব্যক্তি সকলেও এতিয়া বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে ৷ সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৭ গৰাকী সংখ্যালঘু মূলৰ ব্যক্তি বিজেপিৰ টিকটৰে নিৰ্বাচিত হ’ব বুলি দৃঢ়তাৰে উল্লেখ কৰি পুনৰবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও দাবী কৰে ৷

সাংসদ অজিত কুমাৰ ভূঞা এজন ভাল সাংবাদিক আৰু তেওঁ লেখামেলা ভাল কৰিছিল বুলি উল্লেখ কৰি কয় অজিত কুমাৰ ভূঞাই অসমৰ ইতিহাস নাজানে ৷ ৰাজনীতিত জড়িত হোৱাৰ পাছত ৰাজনীতিৰ ক্ষমতা আৰু আশংকা মুৰত ধৰাৰ বাবে এনেকুৱা প্ৰলাপ বকিছে ৷ স্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে ৷


লগতে পঢ়কঃ ক’ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মহানগৰীৰত মহাষ্টমীৰ পূজা সম্পন্ন

ABOUT THE AUTHOR

...view details